অসম

assam

ETV Bharat / state

লখিমপুৰত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ তিনি শতাধিক আশাকৰ্মীৰ

আশাকৰ্মী সকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীত মঙলবাৰে লখিমপুৰৰ তিনি শতাধিক আশাকৰ্মীয়ে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা তিনি শতাধিক আশাকৰ্মীয়ে নিজৰ প্ৰাপ্য বিচাৰি পৰিৱেশ উত্তাল কৰি তোলে।

By

Published : Jan 12, 2021, 10:40 PM IST

lakhimpur-asha-worker-protest
লখিমপুৰত তিনি শতাধিক আশাকৰ্মীৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ

নাওবৈচা, ১২জানুৱাৰী : অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ অধীনস্থ ৰাজ্য ৩৬০০০ হাজাৰ আশাকৰ্মীয়ে দীৰ্ঘ দিনৰ পৰা নিজা প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ দুৰ্দশাগ্রস্ত জীৱন অতিবাহিত কৰি আহিছে যদিও বিয়াগোম বিভাগটোৱে এইসকলৰ আশাকৰ্মীৰ সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে ।

আশাকৰ্মী সকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধান কৰাৰ বাবে ইতিমধ্যে বিভিন্ন প্ৰতিবাদ তথা আবেদন নিবেদন কৰি আহিছে যদিও চৰকাৰে একো গুৰুত্ব নিদিয়াত মঙলবাৰে লখিমপুৰৰ তিনি শতাধিক আশাকৰ্মীয়ে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।

লখিমপুৰত তিনি শতাধিক আশাকৰ্মীৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ

মঙলবাৰে লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা তিনি শতাধিক আশাকৰ্মীয়ে নিজৰ প্ৰাপ্য বিচাৰি পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদী আশাকৰ্মীসকলে অভিযোগ কৰা মতে, দেশৰ বিভিন্ন ৰাজ্যৰ আশাকৰ্মীসকলে মাহে ১৫০০০ হাজাৰ দৰমহা পোৱাৰ বিপৰীতে অসমৰ আশাকৰ্মীসকলে মাত্ৰ তিনিহাজাৰ দৰমহা পাই আহিছে ।

সামান্য পৰিমাণৰ দৰমহা পোৱা আশাকৰ্মীসকলে স্বাস্থ্য বিভাগৰ প্ৰতিটো কাম কৰাৰ লগতে আন আন চৰকাৰী কামত ব্যস্ত হ‘ব লগা হয় যদিও চৰকাৰে আজিলৈকে আশাকৰ্মীসকলক কোনো বিশেষ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰী সকলে । আশাকৰ্মীসকলে আজি মূলত পাঁচটা দাবী সমাধান কৰাৰ বাবে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । যদিহে অসম চৰকাৰৰ স্বাস্থ্য বিভাগ তথা স্বাস্থ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই অতি শীঘ্ৰে সমস্যাকেইতা সমাধান নকৰে তেনেহ’লে অহা ২০২১ চনৰ বিধানসভা নিবাৰ্চনত সমগ্ৰ ৰাজ্যৰ ৩৬০০০ হাজাৰ আশাকৰ্মীয়ে ভোট বৰ্জন কৰিব বুলিও হুংকাৰ প্ৰদান কৰে ।

লগতে পঢ়ক: অসম আৰক্ষীক প্ৰশংসা পৰিৱেশবিদ তথা ক্ৰিকেটাৰ কেভিন পিটাৰচেনৰ

ABOUT THE AUTHOR

...view details