অসম

assam

ETV Bharat / state

কুশলে আছে লখিমপুৰৰ দিলীপ হাজৰিকা

চিকিৎসাধীন দিলীপ হাজৰিকাৰ সৈতে ভিডিঅ কনফাৰেঞ্চ যোগে কথা পাতে পৰিয়ালৰ লোকে ৷

By

Published : May 2, 2019, 3:52 PM IST

কুশলে আছে দিলীপ হাজৰিকা

লখিমপুৰ, 2 মেঃ মৃত্যু হোৱা নাই দিলীপ হাজৰিকাৰ ৷ ওড়িশাৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে দিলীপ হাজৰিকা ৷ ইয়াৰ পূৰ্বে তেওঁৰ মৃত্যু হোৱা বুলি উৰাবাতৰি প্ৰকাশ পাইছিল ৷ কৰ্মৰ সন্ধানত কেৰালালৈ বুলি গৈছিল দিলীপ হাজৰিকা আৰু পুত্ৰ কুশৰাম হাজৰিকা ৷ পিচত তাতে দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছিল পিতা পুত্ৰ ৷

কুশলে আছে দিলীপ হাজৰিকা


চিকিৎসাধীন দিলীপ হাজৰিকাৰ সৈতে ভিডিঅ কনফাৰেঞ্চ যোগা কথা পাতে পৰিয়ালৰ লোকে ৷ মৃত কুশৰাম হাজৰিকা আৰু চিকিৎসাধীন দিলীপ হাজৰিকাক আনিবলৈ পৰিয়ালৰ লোক শীঘ্ৰেই ৰাওনা হ’ব ওড়িশালৈ। চিকিৎসাৰ খৰচ তথা মৃতদেহ অনাৰ ক্ষেত্ৰত সকলো সহায় মন্ত্ৰী নৱ দলেই প্ৰদান কৰাৰ আশ্বাস দিছে পৰিয়ালটোক।

ABOUT THE AUTHOR

...view details