অসম

assam

ETV Bharat / state

নাৰায়ণপুৰ আৰু বিহপুৰীয়াত কৃষক মুক্তিৰ অনশন কাৰ্যসূচী - kmss protest

ৰাজ্য চৰকাৰৰ কৃষক বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷ নাৰায়ণপুৰ আৰু বিহপুৰীয়াত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গ্ৰহণ কৰিছে অনশন কাৰ্যসূচী ৷

kmss-protest-at-bihpuria-and-narayanpur
নাৰায়ণপুৰ আৰু বিহপুৰীয়াত কৃষক মুক্তিৰ অনশন কাৰ্যসূচী

By

Published : Jul 6, 2020, 6:50 PM IST

লখিমপুৰ,6জুলাইঃসোমবাৰেনাৰায়ণপুৰ আৰু বিহপুৰীয়াত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অনশন কাৰ্যসূচী ।ৰাজ্য চৰকাৰৰ কৃষক বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে এই প্ৰতিবাদ সংগঠনটোৰ । সংগঠনটোৰ লখিমপুৰ জিলা সমিতিয়ে ৰূপায়ণ কৰে এই কাৰ্যসূচী । যোৱা ২৯ জুনত অসম চৰকাৰৰ কেবিনেট বৈঠকে গ্ৰহণ কৰিছিল থলুৱা বিৰোধী সিদ্ধান্ত । এই সিদ্ধান্তৰ বিৰুদ্ধে নাৰায়ণপুৰ আৰু বিহপুৰীয়া ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত পৃথকে পৃথকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ ৷

উল্লেখ্য যে, যোৱা ২৯ জুনত অসম চৰকাৰৰ কেবিনেটৰ এখন বৈঠক অনুষ্ঠিত হৈছিল ৷ এই বৈঠকতেই চৰকাৰে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ ক্ষেত্ৰত এক অধ্যাদেশ জাৰি কৰিছিল ৷ এই অধ্যাদেশ অনুসৰি কোনো উদ্যোগপতিয়ে অসমত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ স্থাপন কৰিবলৈ তিনিবছৰলৈ চৰকাৰৰ কোনো বিভাগৰ পৰা অনুমতি ল'ব নালাগে ৷

নাৰায়ণপুৰ আৰু বিহপুৰীয়াত কৃষক মুক্তিৰ অনশন কাৰ্যসূচী

উদ্যোগ স্থাপনৰ ক্ষেত্ৰত নীতি নিয়ম শিথিল হ'ব বুলি ঘোষণা কৰিছিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ তেওঁ উল্লেখ কৰা মতে "দুমাহৰ ভিতৰত উদ্যোগ স্থাপনৰ বাবে অনুজ্ঞা পত্ৰ লাভ কৰিব ৷ উদ্যোগপতিজনে যেতিয়া উদ্যোগ স্থাপন কৰিবলৈ লয় তেতিয়া ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ বিভাগৰ আয়ুক্ত সচিৱলৈ এখন মাত্ৰ আৱেদন কৰি ক'ত কি উদ্যোগ স্থাপন কৰিব সেয়া জনাব লাগিব । তাৰ পাছত বিভাগৰ ফালৰ পৰা তেওঁক জনোৱা হ'ব আৰু সেয়াই হ'ব তেওঁৰ অনুজ্ঞাপত্ৰ।" তাৎপৰ্যপূৰ্ণভাবে উদ্যোগপতিয়ে যিহেতু কোনো বিভাগৰে অনুমতি ল'ব নালাগে অৰ্থাৎ তেওঁলোকে ৰাজহ বিভাগৰো অনুমতি ল'ব নালাগে, ইয়াৰ অৰ্থ এয়ে যে উদ্যোগপতি এজনে নিজৰ ইচ্ছা অনুসৰি মাটি ক্ৰয় কৰি তাত উদ্যোগ স্থাপন কৰিব পাৰিব ।

ইয়াৰ ফলত বহু থলুৱা কৃষকে নিজৰ মাটি উদ্যোগপতিক বিক্ৰী কৰি দিয়াৰ সম্ভাৱনা থাকে । বহিৰাগত পুঁজিপতিয়ে অসমৰ খিলঞ্জীয়াৰ কৃষিভূমি ক্ৰয় কৰি লোৱাৰ আশংকা আছে । এই নীতিৰ ফলত থলুৱা কৃষকৰ হাতৰ পৰা ভূমিৰ অধিকাৰ নোহোৱা হৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ।

এই কথা নিশ্চয়কৈ খিলঞ্জীয়া বিৰোধী বুলি গণ্য কৰি সোমবাৰে এনেদৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গ্ৰহণ কৰিছে অনশন কাৰ্যসূচী ।

লগতে পঢ়কঃকাৰাগাৰত অসুস্থ অখিল গগৈৰ দেহত কৰ’ণাৰ লক্ষণ: উপযুক্ত চিকিৎসা লাভৰ পৰা বঞ্চিত

ABOUT THE AUTHOR

...view details