ঢকুৱাখনা , 04 এপ্ৰিল :পদূলি মুখত হেঁপাহৰ ৰঙালী বিহুটি ৷ বাপতি সাহোন ৰঙালীকলৈ এতিয়া ৰাজ্য জুৰি চলিছে ব্যাপক প্ৰস্তুতি ৷ এই ক্ষেত্ৰত পিচ পৰি ৰোৱা নাই ঢকুৱাখনা ৷ ঢকুৱাখনাৰ ঘৰে ঘৰে জীয়ৰী-বোৱাৰীয়ে অন্তহীন ব্যস্ততাৰে বিহুৰ প্ৰস্তুতি চলোৱাৰ সমান্তৰালভাৱে কণ কণ শিশু হতেও আৰম্ভ কৰিছে বিহুৰ অনুশীলন ৷
পদূলিমুখত হেঁপাহৰ ৰঙালী : ঢোল-পেঁপাৰ মাতত মুখৰিত ঢকুৱাখনা - dhakuakhana
ৰঙালীকলৈ এতিয়া ৰাজ্যজুৰি চলিছে ব্যাপক প্ৰস্তুতি ৷ ঢকুৱাখানাৰ ঘৰে ঘৰে জীয়ৰী-বোৱাৰীয়ে অন্তহীন ব্যস্ততাৰে বিহুৰ প্ৰস্তুতি চলোৱাৰ সমান্তৰালভাৱে কণ কণ শিশু হতেও আৰম্ভ কৰিছে বিহুৰ অনুশীলন ৷
ঢোল-পেঁপাৰ মাতত মুখৰিত ঢকুৱাখানা
বিহুৰ অনুশীলনত এতিয়াঢোল , টকা , পেঁপা আৰু গগণাৰ মাতত মুখৰিত হৈছে ঢকুৱাখনাৰ আকাশ-বতাহ ৷ আন আন ঠাইৰ দৰে ঢকুৱাখনাৰ ঘিলামৰাৰ ফুকন গাৱঁৰ শিশু হতে ঘৰৰ চোতালতে আৰম্ভ কৰিছে বিহুৰ অনুশীলন ৷ ৰামধেনু বিহু দল নাম দি বিহুৰ অনুশীলন আৰম্ভ কৰা এই দলটিয়ে বিহুত পৰম্পৰা অনুসৰি ঘৰে ঘৰে হুঁচৰি গাব । একেদৰে ফাটবিহুকে ধৰি ঢকুৱাখনা-ধেমাজি আৰু লখিমপুৰৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত বিহুৰ প্ৰতিযোগিতা সমূহত ভাগ ল'ব এই বিহু দলটোৱে ।