অসম

assam

By

Published : Aug 2, 2020, 6:28 PM IST

ETV Bharat / state

অসম-অৰুণাচলৰ বিবাদমান সীমান্ত অঞ্চল পৰিদৰ্শন অগপ নেতা জয়ন্ত খাউণ্ডৰ

দেওবাৰে লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলৰ বিবাদমান ভূমি পৰিদৰ্শন কৰে অসম গণ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক জয়ন্ত খাউণ্ডসহ এটা সঁজাতি দলে ৷

বিবাদমান সীমান্ত অঞ্চল পৰিদৰ্শন অগপ নেতা জয়ন্ত খাউণ্ডৰ
বিবাদমান সীমান্ত অঞ্চল পৰিদৰ্শন অগপ নেতা জয়ন্ত খাউণ্ডৰ

নাওবৈচা, 2 আগষ্ট: বিগত বহু বছৰৰ পৰা লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত হাজাৰ-হাজাৰ হেক্টৰ ভূমিত অৰুণাচলে বেদখল চলাই আহিছে বুলি ভিন্ন সময়ত অভিযোগ উত্থাপন কৰিছে সীমান্তৱৰ্তী ৰাইজে ৷ এই সম্পৰ্কত কেইবাবাৰো ভিন্ন সংবাদ মাধ্যমযোগে বহু বাতৰিও প্ৰচাৰ হৈ আহিছে ৷ কিন্তু এতিয়াও সীমান্তৱৰ্তী অঞ্চলসমূহত অব্যাহত আছে বেদখল ৷ লখিমপুৰ জিলাৰ ৰঙা সংৰক্ষিত বনাঞ্চলৰ কিমিন, ৰামপুৰ, ফুলবাৰী, আৰু কাছজুলি খণ্ড বন কাৰ্যালয়ৰ অধীনৰ বহু অঞ্চলত ইতিমধ্যে বস্তি স্থাপন কৰিছে অৰুণাচলী লোকে ৷ অৰুণাচলে ৰঙা সংৰক্ষিত বনাঞ্চলৰ কিমিন খণ্ডত লৰাবস্তি নামেৰে দুখন ৰাজহ গাঁও স্থাপন কৰি গাঁওবাসীক চৰকাৰী সা-সুবিধা প্ৰদান কৰি বিদ্যালয়ৰ স্থায়ী গৃহও নিৰ্মাণ কৰিছে বুলি জানিব পৰা গৈছে । আনকি ৰঙা সংৰক্ষিত বনাঞ্চলৰ অসমৰ ভূ-খণ্ডত অৰুণাচল চৰকাৰে নিৰ্মাণ অব্যাহত ৰাখিছে চাৰিশ কোটি টকা ব্যয় সাপেক্ষ এটা পিএমজিএছৱাই আঁচনিৰ বিশাল পকী পথৰ ৷

অসম-অৰুণাচলৰ বিবাদমান সীমান্ত অঞ্চল পৰিদৰ্শন অগপ নেতা জয়ন্ত খাউণ্ডৰ

অৰুণাচলৰ এই ভয়াৱহ আগ্ৰাসনৰ বিষয়ে অৱগত হৈ দেওবাৰে অসম গণ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক জয়ন্ত খাউণ্ডসহ এটা সঁজাতি দলে পৰিদৰ্শন কৰে অৰুণাচলে আগ্ৰাসন অব্যাহত ৰখা এলেকাটো । পৰিদৰ্শনৰ অন্তত অগপ নেতাগৰাকীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে লখিমপুৰ জিলা প্ৰশাসন আৰু বন বিভাগৰ বিৰুদ্ধে ৷ এই বিষয়ক অতি স্পৰ্শকাতৰ বুলি অভিহিত কৰি অগপ নেতাগৰাকীয়ে, অসমৰ মুখ্যমন্ত্ৰীক এই ক্ষেত্ৰত হস্তক্ষেপ কৰি অসমৰ ভূমি সুৰক্ষিত কৰি ইয়াৰ সমীপৱৰ্তী ৰাইজৰ ভৱিষ্যৎ সুনিশ্চিত কৰিবলৈ আহ্বান জনায় ৷ লগতে চৰকাৰ থকাৰ সময়ত এনেদৰে ইমান সহজে কোনোৱে আগ্ৰাসন চলাব নোৱাৰিব বুলি তেওঁ মন্তব্য কৰে ৷ এই ক্ষেত্ৰত চৰকাৰক সতৰ্কতা অৱলম্বন কৰিবলৈ দাবী জনায় নেতাগৰাকীয়ে ৷

লগতে পঢ়ক:বঙাইগাঁৱত অচিন ৰোগে নষ্ট কৰিছে বিঘাই বিঘাই শালিধানৰ খেতি

ABOUT THE AUTHOR

...view details