অসম

assam

ETV Bharat / state

নিমাতীঘাটৰ ট্ৰেজেডি : সহযাত্ৰীৰ প্ৰাণ বচাবলৈ গৈ সন্ধানহীন ইন্দ্ৰেশ্বৰ বৰা - মাজুলী নিমাতীঘাট ফেৰী দুৰ্ঘটনা

মাজুলী-নিমাতীঘাটৰ শোকাবহ নাও দুৰ্ঘটনাত নাওবৈচাৰ ৰামপুৰ মাধৱপুৰৰ ইন্দ্ৰেশ্বৰ বৰা সন্ধানহীন ৷ পত্নীক উদ্ধাৰ কৰি আন যাত্ৰীক উদ্ধাৰ বাবে যাওঁতেই সন্ধানহীন হ’ল ইন্দ্ৰেশ্বৰ বৰা ৷

nimatighat boat accident
সহযাত্ৰীৰ প্ৰাণ বচাবলৈ গৈ সন্ধানহীন ইন্দ্ৰেশ্বৰ বৰা

By

Published : Sep 9, 2021, 5:12 PM IST

নাওবৈচা, ৯ ছেপ্টেম্বৰ : মাজুলী-নিমাতীঘাট ফেৰী দুৰ্ঘটনাই সমগ্ৰ ৰাজ্যখনত এক শোকাৱহ পৰিৱেশৰ সূচনা কৰাৰ লগতে লখিমপুৰ জিলাৰ নাওবৈচালৈও কঢ়িয়াই আনিছে দুখৰ বন্যা । প্ৰায় ৯০ গৰাকীৰ যাত্ৰীৰ বাবে অভিশপ্ত হৈ পৰা এই কাল যাত্ৰাই সাঙুৰি ল'লে লখিমপুৰ জিলাৰ নাওবৈচাস্থিত এটা পৰিয়ালকো । দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰৱৰ্তী পৰ্যায়ত বিভিন্ন সূত্ৰই প্ৰকাশ কৰা অনুসৰি বৰ্তমানলৈকে ৯ গৰাকী যাত্ৰীৰ কোনো শুংসূত্ৰই নাই, য'ত নাম অন্তৰ্ভুক্ত হৈছে নাওবৈচাৰ ৰামপুৰস্থিত মাধৱপুৰৰ ইন্দ্ৰেশ্বৰ বৰা নামৰ ব্যক্তিজনৰ ।

পত্নী সৈতে ঢেকীয়াখোৱা নামঘৰ দৰ্শনৰ বাবে যোৱা ইন্দ্ৰেশ্বৰ বৰাই নামঘৰ দৰ্শন কৰি ফেৰীৰে মাজুলী হৈ ঘৰমুৱা হৈছিল ৷ যাত্ৰা পথতে তেওঁলোক সন্মুখীন হৈছিল ৰাজ্য কঁপাই যোৱা শিহৰণকাৰী সেই মৰ্মান্তিক নাও দুৰ্ঘটনাটোৰ । ইন্দ্ৰেশ্বৰ বৰাই নিজ পত্নী ৰূপৰেখা সেনাপতি বৰাক উদ্ধাৰ কৰি আন যাত্ৰীক উদ্ধাৰ কৰিবলৈ যাওতেই সন্ধানহীন হোৱা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ।

সহযাত্ৰীৰ প্ৰাণ বচাবলৈ গৈ সন্ধানহীন ইন্দ্ৰেশ্বৰ বৰা

সন্ধানহীন ইন্দ্ৰেশ্বৰ বৰাই ৰামপুৰস্থিত ৰাজগড় হাইস্কুলত অবৈতনিকভাৱে শিক্ষকতা কৰি আছিল । এই শোকাৱহ দুৰ্ঘটনাত ইন্দ্ৰেশ্বৰ বৰা নামৰ ব্যক্তিজন সন্ধানহীন হোৱা ঘটনাই সমগ্ৰ নাওবৈচাতে এক শোকৰ ছাঁ পেলাইছে ।

উল্লেখ্য যে, বুধবাৰে বিয়লি সংঘটিত এই ফেৰী দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে পৰিমিতা দাস নামৰ এগৰাকী যুৱতীয়ে ৷ মাজুলীৰ এখন মহাবিদ্যালয়ত প্ৰৱক্তা হিচাপে মাত্ৰ সাত মাহ আগেয়ে যোগদান কৰিছিল পৰিমিতাই ৷ কিন্তু অভিশপ্ত এই ফেৰী দুৰ্ঘটনাই কাঢ়ি লৈ গ’ল পৰিমিতাক ৷

লগতে পঢ়ক :ভয়ংকৰ নাও দুৰ্ঘটনাত প্ৰানৰক্ষা পৰা মহিলা আৰু যুৱকৰ শিহৰণকাৰী বৰ্ণনা

ABOUT THE AUTHOR

...view details