লখিমপুৰ, 29 আগষ্ট: ৰাজ্যত অব্যাহত আছে নিতাজাতীয় দ্ৰব্যৰ সৰবৰাহ ৷ নিত্য নতুন কৌশল অৱলম্বন কৰি সৰবৰাহকাৰীয়ে কঢ়িয়াইছে এই বৰবিহ ৷ ইফালে ৰাজ্যত নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ সমান্তৰালকৈ সচেতন হৈছে সাধাৰণ জনতাও (Anti drugs mission) ৷
শেহতীয়াকৈ ৰাইজৰ তৎপৰতাত জব্দ হয় বৃহৎ পৰিমাণৰ গাঞ্জা (Ganja seized in Lakhimpur) ৷ দেওবাৰে নিশা লখিমপুৰ জিলাৰ হাৰমতিৰ বাগান গেটৰ সমীপত উদ্ধাৰ হৈছে কেজিয়ে কেজিয়ে গাঞ্জা । এখন বিলাসী বাহনত সৰবৰাহকাৰীয়ে কঢ়িয়াই আনিছিল গাঞ্জাখিনি ৷ বাহনখনৰ নম্বৰ AR 01J 8958 ৷
লখিমপুৰত স্থানীয় ৰাইজে জব্দ কৰিলে বৃহৎ পৰিমাণৰ গাঞ্জা উল্লেখ্য যে, গাঞ্জাখিনি বিক্ৰী কৰিবলৈ আহোতে দুৰ্ঘটনা পতিত হয় বাহনখন ৷ তাৰ পিছত স্থানীয় ৰাইজৰ সন্দেহ উপজাত তালাচী অভিযান চলাই বাহনখন ৷ অৱশ্যে তালাচী অভিযান চলোৱাৰ সময়তে সেই ঠাইৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ধৃত গাঞ্জা সৰবৰাহকাৰীটো ৷
জব্দকৃত গাঞ্জাখিনি সৰবৰাহকাৰীয়ে এগৰাকী বৃদ্ধাক বিক্ৰী কৰিবলৈ আহিছিল বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে । স্থানীয় ৰাইজৰ অভিযোগ, বিগত কেইবাবছৰ ধৰি এগৰাকী বৃদ্ধাই অঞ্চলটোত চলাই আহিছে গাঞ্জাৰ ব্যৱসায় । হাৰমতিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত এখন সৰু দোকান দি অতি সংগোপনে চলাই গৈছিল গাঞ্জাৰ ব্যৱসায় । আৰক্ষীয়ে বৃদ্ধাগৰাকীৰ ঘৰৰ পৰাও কিছু পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰে বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যেই আৰক্ষীয়ে সোধপোচৰ বাবে আটক কৰিছে বৃদ্ধাগৰাকীক ৷
লগতে পঢ়ক:গাঞ্জাসহ আৰক্ষীৰ জালত তিনি সৰবৰাহকাৰী