অসম

assam

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 7:24 PM IST

ETV Bharat / state

Strom at Lakhimpur : লখিমপুৰত প্ৰচণ্ড ধুমুহাত বিস্তৰ ক্ষতিসাধন

এজাক প্ৰচণ্ড ধুমুহা-বৰষুণে বিস্তৰ ক্ষতিসাধন কৰিলে লখিমপুৰ জিলাৰ বিভিন্ন ঠাইত । বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতিসাধন কৰে ধুমুহাই ।

Strom at Lakhimpur
লখিমপুৰত প্ৰচণ্ড ধুমুহা

লখিমপুৰত প্ৰচণ্ড ধুমুহাত বিস্তৰ ক্ষতিসাধন

লখিমপুৰ, ৪ নবেম্বৰ:বিধ্বংসী ৰূপ লৈ অহা প্ৰচণ্ড ধুমুহাই লখিমপুৰত এফালৰ পৰা মহতিয়াই লৈ যায় গছ-গছনি ৷ ধুমুহাৰ প্ৰকোপত উভালি পৰে কেইবাজোপাও গছ ৷ বিস্তৰ ক্ষয়-ক্ষতি হয় ৰাইজৰ ঘৰ-বাৰীৰ ৷ গছ উভালি পৰাত কেইবাঠাইতো বন্ধ হৈ পৰিছে পথ । লখিমপুৰত শনিবাৰে আবেলি অহা এজাক প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰে । গছ-গছনি উভালি পৰি ৰাষ্ট্ৰীয় ঘাইপথ পৰ্যন্ত বন্ধ হৈ পৰে । বহু ব্যৱসায়িক প্ৰতিষ্ঠান, ঘৰ-বাৰী, চুৰমাৰ হৈ পৰাৰ লগতে বিজুলী সংযোগ ব্যৱস্থাও বিধ্বস্ত হয় । ফলত নগৰকে ধৰি দাতি কাষৰীয়া অঞ্চল অন্ধকাৰত ডুব যায় ।

লখিমপুৰ জিলাৰ বিভিন্ন ঠাইত প্ৰচণ্ড ধুমুহাত গছ বাগৰি বন্ধ হৈ পৰিল ৰাষ্ট্ৰীয় ঘাইপথ । আজি বিয়লি প্ৰায় চাৰি বজাত অহা এজাক প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষতি কৰে । বিজুলী ঢেৰেকনিৰে অহা প্ৰচণ্ড ধুমুহাই বিশেষকৈ নগৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া এলেকাত বিস্তৰ ক্ষতি সাধন কৰে । নগৰৰ প্ৰবেশদ্বাৰ স্বৰূপ গনেশ মন্দিৰৰ সমীপত এডাল গছ বাগৰি পৰাৰ ফলত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যাতায়াত বন্ধ হৈ পৰে । নগৰ এলেকাৰ বিভিন্ন স্থানত ঘৰ-বাৰী দোকান -পোহাৰ আদিৰ বিস্তৰ ক্ষতি হয় ।

বিদ্যুতৰ তাঁৰ ছিগি পৰাৰ ফলত নগৰকে ধৰি বিভিন্ন অঞ্চল অন্ধকাৰত ডুব যায় । পহুমৰাৰ মূল ব্যৱসায়ীক এলেকাটো ধুমুহাই চুৰমাৰ কৰি পেলায় । প্ৰায়বোৰ দোকান ধুমুহাই বিধ্বস্ত কৰি পেলায় । এই এলেকাতো বিভিন্ন স্থানত পথৰ ওপৰত গছ বাগৰি যাতায়াত ব্যাহত কৰে । ঠাই বিশেষে শিলাবৃষ্টিও হয় । প্ৰকৃতিৰ এনে ৰুদ্ৰ ৰূপত লখিমপুৰত হাহাকাৰময় পৰিবেশৰ সৃষ্টি হয় । এই ধুমুহাৰ সময়ছোৱাত স্তব্ধ হৈ পৰে জন জীৱন, ব্যাহত হৈ পৰে যাতায়াত ব্যৱস্থা ।

লগতে পঢ়ক:Lok Sabha Election 2024 : মূল্যবৃদ্ধিৰ বাবে এই মজুৰীৰে নচলা হৈছে চাহ শ্ৰমিকৰ পৰিয়াল, লখিমপুৰ লোকসভা সমষ্টিৰ চাহ বাগিচাত ইটিভি ভাৰত

ABOUT THE AUTHOR

...view details