অসম

assam

ETV Bharat / state

হোমেন বৰগোহাঞিৰ ওপজা দিনত লখিমপুৰত গ্ৰন্থ অধ্যয়ন দিৱস উদযাপন - Assamese literary Homen Borgohain

লখিমপুৰৰ সাহিত্য ক্ষেত্ৰৰ অন্য়তম অনুষ্ঠান মংগলবোধ জাগৰণ কেন্দ্ৰৰ উদ্যোগত প্ৰথিতযশা সাহিত্যিক হোমেন বৰগোহাঞিৰ জন্মদিন উদযাপন ৷ গ্ৰন্থ অধ্যয়ন দিৱস হিচাপে উদযাপন এই দিনটো ৷

grantha adhyayan diwas
Homen Borgohain birthday celebration

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 7:31 PM IST

লখিমপুৰত গ্ৰন্থ অধ্যয়ন দিৱস উদযাপন

লখিমপুৰ, 7 ডিচেম্বৰ: অসমৰ সাহিত্য জগতৰ প্ৰয়াত পুৰোধা ব্যক্তি হোমেন বৰগোহাঞিৰ আজি জন্মদিন । তেওঁৰ জন্মদিনটো লখিমপুৰৰ মংগলবোধ জাগৰণ কেন্দ্ৰই গ্ৰন্থ অধ্যয়ন দিৱস হিচাপে উদযাপন কৰি আহিছে । প্ৰয়াত বৰগোহাঞিৰ জীৱিত কালৰ পৰা তেওঁৰ সন্মতি সাপেক্ষে মংগলবোধ জাগৰণ কেন্দ্ৰই এই দিৱসটি পালন কৰি আহিছে । বিগত বৰ্ষৰ দৰে এইবাৰো বৃহস্পতিবাৰে বিয়লি দিৱসটো পালন কৰা হয় ।

লখিমপুৰৰ মংগলবোধ জাগৰণ কেন্দ্ৰৰ উদ্যোগত বৃহস্পতিবাৰে বিয়লি লখিমপুৰ জিলা সাহিত্য সভা ভৱনত এই দিৱসটো উদযাপন কৰা হয় । লখিমপুৰ জিলা মংগলবোধ জাগৰণ কেন্দ্ৰৰ উদ্যোগত উত্তৰ লখিমপুৰ সাহিত্য সভাৰ সহযোগত স্বনামধন্য সাহিত্যিক হোমেন বৰগোহাঞিৰ ৯২ সংখ্যক জন্মদিন উদযাপন কৰা হয় । লখিমপুৰ মংগলবোধ জাগৰণ কেন্দ্ৰৰ উদ্যোগত হোমেন বৰগোহাঞিৰ জন্মদিনত তৃতীয়বাৰৰ বাবে গ্ৰন্থ অধ্যয়ন দিৱস উদযাপন কৰা হয় ।

সেই উদ্দেশ্যে উত্তৰ লখিমপুৰ সাহিত্য সভাৰ ভৱনত বিশিষ্ট ব্যৱসায়ী, সমাজসেৱক উদয় শংকৰ হাজৰিকাৰ সঞ্চালনাত এক বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰা হয় । এই অনুষ্ঠানতে লিখক ডিম্বেশ্বৰ হাজৰিকাৰ ‘‘কথা নদীৰ পাৰ’’ নামৰ এখনি গ্ৰন্থ উন্মোচন কৰে অনুষ্ঠানৰ সঞ্চালক উদয় শংকৰ হাজৰিকাই । অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভাৰ ‘আকাশ’ অনুষ্ঠানৰ কাৰ্যকৰী সভানেত্ৰী ধনদা দেবী, এল টি কে মহাবিদ্যালয় প্ৰাক্তন অধ্যক্ষ ড৹ হামিদুৰ ৰহমান, অসম সাহিত্য সভাৰ উত্তৰ লখিমপুৰ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক বিপুল বৰা, কবি গল্পকাৰ নাৰায়ণ বৰুৱাকে আদি কৰি বহুকইজন গণ্যমান্য ব্যক্তি ।

উল্লেখ্য প্ৰয়াত হোমেন বৰগোহাঞিৰ জীৱিত কালৰ পৰাই তেওঁৰ সন্মতি সাপেক্ষে মংগলবোধ জাগৰণ কেন্দ্ৰই সাহিত্যিকগৰাকীৰ জন্মদিনটো গ্ৰন্থ অধ্যয়ন দিৱস হিচাপে উদযাপন কৰি আহিছে ।

ইফালে অসম চৰকাৰে বৃহস্পতিবাৰে গুৱাহাটীত প্ৰয়াত হোমেন বৰগোহাঞিৰ জন্মদিৱস পালন কৰাৰ লগতে ৰাজ্যৰ বহুকেইগৰাকী সাহিত্যিকলৈ অসম সাহিত্যিক বঁটা 2023 আৰু সাহিত্যিক পেন্সন আগবঢ়ায় ৷ বঁটাসমূহ প্ৰদান কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰগৰাকীয়ে অসমীয়া সাহিত্যৰ মাইলৰ খুঁটি স্বৰূপ গ্ৰন্থ সমূহ আন ভাৰতীয়া ভাষালৈ অনুবাদ কৰাৰ পোষকতা কৰে ৷ ইতিমধ্যে প্ৰকাশন পৰিষদক এই দায়িত্ব প্ৰদান কৰা হৈছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

লগতে পঢ়ক:২৩ গৰাকী সাহিত্যিকক ২০২৩ বৰ্ষৰ সাহিত্যিক পেঞ্চন প্ৰদান‌ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details