বিহপুৰীয়া, 16 আগষ্ট :লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বিশিষ্ট মুক্তিযোদ্ধা চিদানন্দ দত্তৰ মৃত্যু । দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত কাৰণত শয্যাশায়ী হৈ আছিল চিদানন্দ দত্ত ৷ অৱশেষত সোমবাৰে বিয়লি নিজ বাসগৃহতে শেষ নিঃশ্বাস ত্যাগ কৰে মুক্তিযোদ্ধা গৰাকীৰ । 1921 চনত যোৰহাট জিলাৰ বালিগাঁৱত জন্ম গ্ৰহণ কৰিছিল প্ৰয়াত চিদানন্দ দত্তই ৷
1942 চনত তেখেতৰ পৰিয়ালটো লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ সমীপৰ বৰ্তমানৰ শিঙীয়া আহঁতগুৰি গাঁৱলৈ উঠি আহে । সেই সময়ত দেশৰ স্বাধীনতা সংগ্ৰামৰ ভৰপক । যোৰহাট চৰকাৰী হাইস্কুলত অষ্টম শ্ৰেণীত অধ্যয়নৰত অৱস্থাতে শিক্ষা সাং কৰি নাৰায়ণপুৰলৈ অহা দত্তই দেশৰ স্বাধীনতা সংগ্ৰামত জপিয়াই পৰে । প্ৰয়াত স্বাধীনতা সংগ্ৰামী থানেশ্বৰ গগৈ, লীলা ভূঞা, বোধেশ্বৰ বৰাৰ নেতৃত্বত স্বাধীনতা সংগ্ৰামত জপিয়াই পৰিছিল মুক্তিযোদ্ধা চিদানন্দ দত্তই ।