অসম

assam

ETV Bharat / state

Tea Tribe Women: লখিমপুৰত চাহ জনজাতি মহিলাসকলৰ চতুর্থ কেন্দ্ৰীয় অধিৱেশন - চাহ জনজাতি মহিলাসকলৰ চতুর্থ অধিৱেশন

দেওবাৰে লখিমপুৰ জিলা পুথিভঁৰালত (Lakhimpur District Library) চাহ জনজাতি মহিলাসকলৰ চতুর্থ কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত হয় । ৰাজ্যৰ ১৬ খন জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা এই অধিৱেশনত সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা অৰ্থাৎ আটছাৰ কেন্দ্ৰীয় নেতৃত্ববৃন্দই অংশগ্ৰহণ কৰে (Fourth Central Conference of Tea Tribe Women) ।

fourth-central-conference-of-tea-tribe-women-held-in-lakhimpur
লখিমপুৰত চাহ জনজাতি মহিলাসকলৰ চতুর্থ কেন্দ্ৰীয় অধিৱেশন

By

Published : Oct 30, 2022, 10:49 PM IST

লখিমপুৰ, ৩০ অক্টোবৰ:দেওবাৰে লখিমপুৰ জিলা পুথিভঁৰালত (Lakhimpur District Library) চাহ জনজাতি মহিলাসকলৰ চতুর্থ কেন্দ্ৰীয় অধিৱেশন (Fourth Central Conference of Tea Tribe Women) অনুষ্ঠিত হয় । ৰাজ্যৰ ১৬ খন জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা এই অধিৱেশনত সদৌ অসম চাহ জনজাতি ছাত্ৰ (Assam Tea Tribes Students Association) সন্থা অৰ্থাৎ আটছাৰ কেন্দ্ৰীয় নেতৃত্ববৃন্দই অংশগ্ৰহণ কৰে । আটছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ধীৰাজ গোৱলাই অধিৱেশনত অংশগ্ৰহণ কৰি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

উল্লেখযোগ্য যে, অসমৰ চাহ উদ্যোগত দহ লক্ষ্যাধিক মহিলা শ্ৰমিক নিয়োজিত হৈ আছে । কিন্তু এইসকল মহিলাৰ আৰ্থ সামাজিক, শাৰীৰিক আদি সকলো ক্ষেত্ৰতে বিপৰ্যস্ত বুলি মন্তব্য কৰে কেন্দ্ৰীয় সমিতিৰ সভাপতিগৰাকীয়ে । বিশ্বৰ ভিতৰতে সৰ্বাধিক মহিলা শ্ৰমিক জড়িত হৈ থকা উদ্যোগ হল অসমৰ চাহ উদ্যোগ বুলি দেওবাৰে লখিমপুৰ জিলা পুথিভঁৰালত অনুষ্ঠিত হোৱা চাহ জনজাতি মহিলাসকলৰ চতুর্থ অধিৱেশনত অংশগ্ৰহণ কৰি আটছাৰ কেন্দ্ৰীয় সভাপতি ধীৰাজ গোৱলাই মন্তব্য প্ৰকাশ কৰে ।

লগতে অসমৰ চাহ উদ্যোগত দহ লক্ষ্যাধিক মহিলা শ্ৰমিক নিয়োজিত হৈ আছে । কিন্তু এইসকল মহিলাৰ আৰ্থ সামাজিক, শাৰীৰিক আদি সকলো ক্ষেত্ৰতে বিপৰ্যস্ত বুলি আটছাৰ কেন্দ্ৰীয় সভাপতি ধীৰাজ গোৱলাই মন্তব্য কৰে । এই অধিৱেশনখনতে নৱগঠিত মহিলা সমিতি এখন গঠিত হয় ৷ এই সমিতিখনে চাহ জনজাতি মহিলাসকলৰ উত্তৰণৰ হকে বৈপ্লৱিক ৰূপত কাম কৰিব বুলি আশা প্ৰকাশ কৰে আটছাৰ কেন্দ্ৰীয় সভাপতি ধীৰাজ গোৱলাই ৷

লখিমপুৰত চাহ জনজাতি মহিলাসকলৰ চতুর্থ কেন্দ্ৰীয় অধিৱেশন

লগতে তেওঁ কয় যে চাহ জনজাতি মহিলাসকলৰ মাজত শিশু আৰু মাতৃৰ মৃত্যু সৰ্বাধিক । এনে ক্ষেত্ৰখনটো এই নৱগঠিত মহিলা সমিতিখনে বলিষ্ঠ পদক্ষেপ ল’ব বুলি তেওঁ আশা প্ৰকাশ কৰে । অধিৱেশনখনৰ লগত সংগতি ৰাখি এখন মুকলি সভা, প্ৰতিনিধি সভা আদিৰ লগতে সাংস্কৃতিক কাৰ্যসূচীৰে সমগ্ৰ দিনটো জিলা পুথিভঁৰাল মুখৰিত হৈ থাকে ।

লগতে পঢ়ক:OC of Kakotibari Police Station Suspended: চৰাইদেউত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক নিলম্বন

ABOUT THE AUTHOR

...view details