অসম

assam

ETV Bharat / state

লখিমপুৰত ৰঙানদীয়ে সৃষ্টি কৰিছে তাণ্ডৱ: তেজপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত জাৰি নিষেধাজ্ঞা - তেজপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত জাৰি নিষেধাজ্ঞা

নীপকোৱে পানী এৰি দিয়াৰ লগে লগে লখিমপুৰ জিলাত বান পৰিস্থিতি অতি ভয়াৱহ হৈ উঠিছে (NEEPCO cause flood in Lakhimpur)। জলবন্দী শ শ গাঁৱৰ ৰাইজ । নৈ-উপনৈসমূহৰ জলস্তৰ বৃদ্ধি । তেজপুৰত প্ৰশাসনে বন্ধ কৰিলে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ । গধুৰ যান-বাহনৰ লগতে ট্ৰাক, বাছ আদিৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে জিলা প্ৰশাসনে ।

Floods
লখিমপুৰ আৰু তেজপুৰত বানৰ বিভীষিকা

By

Published : Jun 17, 2022, 2:17 PM IST

নিউজ ডেস্ক, ১৭ জুন : ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰলয়ংকাৰী বানৰ তাণ্ডৱ চলিছে (Flood situation of Assam)। জলবন্দী লাখ লাখ লোক । কেইবাখনো জিলাত সতৰ্কবাণী জাৰি কৰিছে প্ৰশাসনে ।

শোণিতপুৰ জিলাৰো বহু অঞ্চল প্লাৱিত হৈছে । জিলাখনৰ মাজেৰে যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথও বানৰ কৱলত পৰিছে (NH15 is under flood)। ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে বাঢ়নী পানী । যাৰ বাবে বালিপৰাত প্ৰশাসনে বন্ধ কৰি দিছে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ।

পুৱা ১০ বজাৰ পৰা তেজপুৰ-লখিমপুৰ-ধেমাজি সংযোগী পথত গধুৰ যান-বাহনৰ লগতে ট্ৰাক, বাছ আদিৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে জিলা প্ৰশাসনে (Heavy vehicles banned on NH15 in Sonitpur)। আনহাতে শোণিতপুৰ জিলাৰ তেজপুৰত ব্ৰহ্মপুত্ৰৰ জলস্তৰ গণেশঘাটত বিপদ সীমাৰ ওপৰেৰে বৈছে । গণেশঘাটত বিপদসীমা ৬৫.২৩ চেণ্টিমিটাৰ যদিও উক্ত স্থানত সম্প্ৰতি ৬৫.০১ চেণ্টিমিটাৰৰ ওপৰেৰে বৈ আছে, আনহাতে জীয়াভৰলী নদী ৰাষ্ট্ৰীয় ঘাই পথৰ সংযোগত বিপদসীমাৰ ৭৮.০০ চেণ্টিমিটাৰৰ বিপৰীতে ৭৮.১৪ চেণ্টিমিটাৰ ওপৰেৰে বৈ আছে । গাভৰু নদীৰ জলস্তৰো যথেষ্ট বৃদ্ধি পাইছে । ডিপোতা নদীও ৬৪.৫৬ চেণ্টিমিটাৰৰ ওপৰেৰে বৈ আছে ।

শোণিতপুৰৰ উপৰিও লখিমপুৰ জিলাত বান পৰিস্থিতি অতি ভয়ংকৰ হৈ পৰিছে । নীপকোৱে পানী এৰি দিয়াৰ ফলত ৰঙানদীয়ে তাণ্ডৱ সৃষ্টি কৰিছে জিলা খনৰ বিভিন্ন অঞ্চলত । নদীপৰীয়া অঞ্চলসমূহ ইতিমধ্যে জলমগ্ন হৈ পৰিছে । জিলাখনৰ চৌদিশে বান পীড়িতৰ হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে ।

ইফালে নগৰৰ সমীপত ৰঙানদীৰ ওপৰত থকা পাচনৈ সংযোগী একমাত্র দলংখন পুৱাই বানত উটি যায় । এক নং পাচনৈ এলেকাত দুঠাইত পথ ছিঙি যোৱাৰ ফলত বহু লোকৰ ঘৰ-দুৱাৰ নদীত বিলীন হৈ যোৱাৰ উপক্ৰম হৈছে । ১৫ খনতকৈও অধিক গাঁও ৰঙানদীৰ বানত একপ্ৰকাৰ বিধ্বস্ত হৈ পৰিছে । অঞ্চলটোৰ স্বাস্থ্য কেন্দ্র, বিদ্যালয় আদিও এতিয়া পানীৰ তলত । পোহনীয়া জীৱ-জন্তু ৰাখিবলৈ ঠাইৰ অভাৱ হৈছে গাঁওবাসীৰ ।

উল্লেখ্য যে নীপকোৱে যোৱা তিনিদিন ধৰি একেৰাহে প্ৰকল্পৰ পানী এৰি দিছে । শুকুৰবাৰে প্ৰকল্পৰ ৫ নং গেটখন খুলি দিয়ে নীপকোৱে । যাৰ বাবে লখিমপুৰকে ধৰি কেইবাখনো জিলাত বান পৰিস্থিতি আৰু ভয়ংকৰ হোৱাৰ সম্ভাৱনা আছে । জিলাখনৰ সোৱণশিৰি, ডিক্ৰং, পাভ, ব্ৰহ্মপুত্ৰ আদিৰ জলস্তৰ যথেষ্ট বৃদ্ধি হোৱা দেখা গৈছে । বহু স্থানত বিপদসীমাৰৰ ওপৰেৰে বৈছে পানী ।

লগতে পঢ়ক :কলগাছিয়াত ৰাজহুৱা পথ কাটি কৃত্ৰিম বান ৰোধৰ চেষ্টা

ABOUT THE AUTHOR

...view details