লখিমপুৰ, ১৩ মে: পুনৰ বানত ডুব যোৱাৰ আশংকাত লখিমপুৰৰ নৈপৰীয়া ৰাইজ ৷ লখিমপুৰ দ'লহাটৰ মাজেৰে বৈ যোৱা শিঙৰা নৈৰ মথাউৰি আজিও বিধস্ত অৱস্থাত ৷
বিগত বছৰত এই নৈৰ বাঢ়নী পানীয়েই প্লাবিত কৰিছিল লখিমপুৰৰ বহু অঞ্চল ৷ কিন্তু এটা বছৰেও সম্পূৰ্ণ হৈ নুঠিল বান নিয়ন্ত্ৰণৰ কাম ৷
বানত ডুব যোৱাৰ আশংকাত নৈপৰীয়া ৰাইজ - 6 কোটি টকা আৱন্টন
পুনৰ বানত ডুব যোৱাৰ আশংকাত ভুগিছে লখিমপুৰৰ নৈপৰীয়া ৰাইজ । লখিমপুৰ দ'লহাটৰ মাজেৰে বৈ যোৱা শিঙৰা নৈৰ মথাউৰিৰ নিৰ্মাণকাৰ্য এটা বছৰেও সম্পূৰ্ণ হৈ নুঠিল । ৰাইজৰ অভিযোগ অনুসৰি চৰকাৰী ধনৰ লুন্ঠন চলাইছে ঠিকাদাৰে ।
বানত ডুব যোৱাৰ আশংকাত নৈপৰীয়া ৰাইজ
6 কোটি টকাৰে মথাউৰি মেৰামতি কৰাৰ প্ৰতিশ্ৰুতিও দিছিল জন প্ৰতিনিধিয়ে ৷ কিন্তু ধন আবণ্টনৰ পাচতো সম্পূ্ৰণ নহ'ল মথাউৰিৰ মেৰামতি ৷ নৈপৰীয়া ৰাইজে চৰকাৰী ধন ঠিকাদাৰে লুটি পুটি খোৱাৰ অভিযোগ উত্থাপন কৰিছে ৷ বাৰিষাৰ পূৰ্বে দুৰ্বল মথাউৰিসমূহৰ মেৰামতি সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে দিয়া কঠোৰ নিৰ্দেশৰ প্ৰতি কাণসাৰ দিবনে বিভাগীয় বিষয়া-কৰ্মচাৰীয়ে?