নাওবৈচা,১৬ জুলাই: উত্তৰ অসমৰ অন্যতম নদী লখিমপুৰ জিলাৰ সোৱনশিৰিৰ ভয়ংকৰ গৰা খহনীয়াৰ ফলত বগীনদী এলেকাৰ ভীমপৰাত এতিয়া ত্ৰাসৰ সৃষ্টি হৈছে । আহাৰ মাহত ফেনে-ফুটুকাৰে বাঢ়ি অহা নদীখনে এতিয়া,লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰৰ অন্তৰ্গত ভীমপৰা আৰু হেকেৰাজান গাঁৱৰ নামনি অংশত ব্যাপক খহনীয়া সৃষ্টি কৰি সৰ্বসাধাৰণ ৰাইজৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ।
গাঁও দুখনৰ উজনি অংশত খহনীয়া প্ৰতিৰোধৰ বাবে নাবাৰ্ডৰ ৭.২৭ কোটি টকাৰ অনুদানেৰে নিৰ্মাণ কৰা জিঅ' বেগৰ বান্ধটোও পৰিছে খহনীয়াৰ কৱলত । নদীখনে কালৰূপ ধাৰণ কৰি সৃষ্টি কৰা খহনীয়াৰ কৱলত পৰি ইতিমধ্যে গাঁও দুখনৰ খেতিপথাৰ নদীৰ বুকুত জাহ গৈছে । দৈনিক অব্যাহত থকা ভয়ংকৰ খহনীয়াই চপৰা চপৰে খহাই মানুহৰ ঘৰ মাটি বাৰী সকলো উটুৱাই নিছে ।
ইতিমধ্যে কেইবাটাও পৰিয়াল খহনীয়াৰ কৱলত পৰি নিজৰ আপোন ঘৰখন হেৰুৱাই অন্য স্থানলৈ স্থানান্তৰিত হৈছে । এনেদৰে নদীখনৰ খহনীয়া অব্যাহত থাকিলে এই বাৰিষাতে হেকেৰাজান গাঁৱৰ নামনি অংশৰ পৰিয়াল সমূহৰ ঘৰ-বাৰী সম্পূৰ্ণৰূপে খহনীয়াৰ কৱলত পৰি নদীৰ বুকুত জাহ যোৱাৰ সম্ভাৱনাই দেখা দিছে ।