অসম

assam

ETV Bharat / state

লখিমপুৰত পেলনীয়া কলগছৰ পৰা প্ৰস্তুত আঁহ, জাৰ্মানীলৈও ৰপ্তানি সেই আঁহ - Fibre prepared from discarded banana tree

লখিমপুৰৰ আইনা ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ উদ্যোগত ব্যতিক্ৰমী পদক্ষেপ ৷ আইনা ৱেলফেয়াৰ ফাউণ্ডেশ্যনে পেলনীয়া কলগছৰ পৰা প্ৰস্তুত কৰিছে বিশেষ এবিধ আঁহ ৷

Fibre prepared from discarded banana tree
লখিমপুৰত পেলনীয়া কলগছৰ পৰা প্ৰস্তুত আঁহ

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 2:09 PM IST

Updated : Nov 21, 2023, 4:20 PM IST

লখিমপুৰত পেলনীয়া কলগছৰ পৰা প্ৰস্তুত আঁহ

লখিমপুৰ, 21 নৱেম্বৰ: দীপাৱলীৰ সময়ত ব্যৱহাৰ কৰা কলগছসমূহ পেলাই দিলে নেকি আপুনি ! আৱৰ্জনা হিচাপে পৰিগণিত সেই কলগছসমূহৰ পৰা এতিয়া বিশেষ এবিধ আঁহ প্ৰস্তুত কৰিছে ৷ লখিমপুৰৰ আইনা ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ উদ্যোগত এই ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ বিগত তিনি বছৰ ধৰি আইনা ৱেলফেয়াৰ ফাউণ্ডেশ্যনে এনে পেলনীয়া কলগছৰ পৰা প্ৰস্তুত কৰিছে বিশেষ এবিধ আঁহ ৷ সেই আঁহ ভাৰতত বিভিন্ন প্ৰান্তৰ লগতে জাৰ্মানীলৈও ৰপ্তানি হয় ৷

উল্লেখ্য যে, দীপাৱলীৰ সময়ত ব্যৱহাৰ কৰা বুজন পৰিমাণৰ পেলনীয়া কলগছ প্ৰথমে সংগ্ৰহ কৰি এটা স্থানত সংৰক্ষণৰ ব্যৱস্থা কৰিছে আইনা ৱেলফেয়াৰ ফাউণ্ডেশ্যনে ৷ তাৰ পাচত বৰ্তমান জিলাখনৰ সনাতন গাঁৱত অস্থায়ীভাৱে স্থাপন কৰা বিশেষ যন্ত্ৰৰ জৰিয়তে পেলনীয়া কলগছৰ পৰা প্ৰস্তুত কৰা হৈছে বিশেষ আঁহ ৷ এই আঁহ প্ৰস্তুত কৰাত 20 গৰাকীকৈ মহিলা নিয়োজিত হৈ আছে বুলি জানিবলৈ দিছে আইনা ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ সদস্যই ৷

বেচৰকাৰী সংগঠনটোৰ সদস্য সৌৰভ জ্যোতি দত্তই কয়, ‘‘ দীপাৱলীত ব্যৱহাৰ কৰা কলগছসমূহ বহু সময়ত পেলাই দিয়ে আৰু সেয়া আৱৰ্জনাত পৰিণত হয় ৷ কিন্তু আমি পেলনীয়া কলগছৰ পৰা আঁহ প্ৰস্তুত কৰিছো ৷ সেই আঁহ ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে জাৰ্মানীলৈও ৰপ্তানি হয় ৷ কলগছৰ পৰা প্ৰস্তুত কৰা আঁহৰ পৰা কাপোৰ তৈয়াৰ কৰা হয় ৷ যাৰবাবে অসমৰ মুগা কাপোৰতকৈও মূল্যবান কাপোৰ তৈয়াৰ কৰা হয় ৷ সেই কাপোৰৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত চাহিদা বৃদ্ধি পাইছে ৷’’

ফাউণ্ডেশ্যনৰ সৈতে জড়িত উদ্যোগীসকলক ভূমিকাক এতিয়া সকলোৱে প্ৰশংসা কৰিছে ৷ তেওঁলোকে মহিলাসৱলীকৰণৰ হকেও বিভিন্ন আঁচনি গ্ৰহণ কৰিছে আৰু কৰি যাব বুলি উল্লেখ কৰে আইনা ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ আঁচনি বিষয়া সৌৰভ জ্যোতি দত্তই ৷

লগতে পঢ়ক:ডিক্ৰঙত জপিয়াই সন্ধানহীন হোৱা দিব্য বৰাৰ মৃতদেহ উদ্ধাৰ

Last Updated : Nov 21, 2023, 4:20 PM IST

ABOUT THE AUTHOR

...view details