অসম

assam

ETV Bharat / state

অসম্পূৰ্ণ মথাউৰি : বাৰিষাৰ সোৱণশিৰীয়ে কন্দুৱাব নৈ পৰীয়াক ! - embankment

সমাগত বাৰিষা, কিন্তু বাৰিষাৰ পূৰ্বে লখিমপুৰ জিলাত এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই মথাউৰি নিৰ্মাণৰ কাম। যাৰ ফলত লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ এক বৃহৎ অঞ্চল এইবাৰ বানে উটুৱাই নিয়াৰ আশংকা কৰিছে নৈপৰীয়া সকলে ।

embankment erosion
embankment erosion

By

Published : May 9, 2020, 12:15 PM IST

লখিমপুম, 9 মে':চমু চাপি আহিছে বাৰিষা ৷ বাৰিষা আহিলেই কলিজা শুকাই নৈ পৰীয়া ৰাইজৰ ৷ কিয়নো প্ৰতিবছৰে বাৰিষা আহিলেই বানত ককবকাব লগীয়া হয় নৈপৰীয়া লোকসকলে ৷ ৰাজ্যৰ আন ঠাইৰ লগতে বানত প্ৰতিবছৰে বানে ক্ষতিগ্ৰস্ত কৰে ধেমাজি-লখিমপুৰ জিলাৰ বিস্তৰ অঞ্চলত ৷ মথাউৰি নিৰ্মাণৰ পাচতো কিন্তু বানৰ পৰা কোনোমতেই ৰক্ষা নাপায় এই অঞ্চলৰ ৰাইজে ৷

বৰষুণতে খহিল নিৰ্মীয়মান মথাউৰি

চলিত বৰ্ষত সোৱণশিৰীৰ বান প্ৰতিহত কৰিবলৈ জলসম্পদ বিভাগে ২ কোটি ১৪ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰিছে বৃহৎ মথাউৰি । চেনিমৰা ঘাটৰ পৰা ধুনাগুৰী ঘাটলৈ নিৰ্মাণ কৰা হৈছে এই মথাউৰিটো । কিন্তু নৈৰ পানী নৌবাঢ়োতেই বৰষুণৰ পানীতে খহিছে বালিৰে নিৰ্মাণ কৰা বৃহৎ মথাউৰিটোৰ অংশ ।

বাৰিষাৰ পূৰ্বেই খহিছে সোৱণশিৰীৰ মথাউৰি

নৈৰ কাষতে খহনীয়া হোৱা স্থানত বালিৰ মথাউৰি নিৰ্মাণ কৰি বাৰিষা ফেনে ফোটোকাৰে বাঢ়ি অহা সোৱণশিৰিক বাধা দিয়া বৃথা চেষ্টা চলাইছে জলসম্পদ বিভাগে । বহাগ মাহতে এতিয়া খহনীয়াই কালৰূপ লৈছে চেনীমৰা, ধুনাগুৰী অঞ্চলত । মথাউৰিটোৰ অৱস্থালৈ চাই ভৰ বাৰিষা প্ৰবল বানত শ শ ৰাইজে ঘৰ-বাৰী হেৰুৱাই নিথৰুৱা হ'ব লাগিব বুলি আশংকা কৰিছে নৈপৰীয়া সকলে ৷

বাৰিষা সোৱণশিৰীয়ে কন্দুৱাব নৈ পৰীয়াক !

খৰালিৰ ভিতৰতে সকলো ব্যৱস্থা লোৱাৰ প্ৰতিশ্ৰুতি দিছিল চৰকাৰৰ জলসম্পদ বিভাগে ৷ কিন্তু জোৰ পুৰি হাত পোৱাৰ সময়তো সম্পূৰ্ণ নহ'ল নিৰ্মাণ কাৰ্য ৷ লক্ ডাউনৰ অচিলা লৈ এতিয়াও বহু বাকী বান নিয়ন্ত্ৰণ আৰু খহনীয়া ৰোধৰ কাম । হয়তো বাৰিষা পুনৰ আন কেইবছৰৰ দৰে যন্ত্ৰণা ভুগিব লাগিব নৈ পৰীয়া জনসাধাৰণে ।

লগতে পঢ়ক :বৰফাকিয়াল গাঁৱক গৰাখহনীয়াৰ পৰা উদ্ধাৰৰ কৰিব পাৰিবনে বিধায়কে

ABOUT THE AUTHOR

...view details