অসম

assam

Durga puja 2023:শাৰদীয় দুৰ্গোৎসৱত ঢাক-ঢোলেৰে গুঞ্জৰিত লখিমপুৰ

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 2:02 PM IST

লখিমপুৰত এইবাৰ দুৰ্গা পূজাৰ মণ্ডপ ১৯৮ টা ৷ সকলোতে চলিছে দুৰ্গা মাৰ আৰাধনা ।

durga puja 2023 maha saptami puja is going on in durga puja pandals in lakhimpur
দুৰ্গা পূজাৰ মণ্ডপ

দুৰ্গা পূজাৰ মণ্ডপ

লখিমপুৰ, ২১ অক্টোবৰ :এতিয়া পূজাৰ বতৰ । চৌদিশে কেৱল পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণৰ ধ্বনি । ৰাজ্যৰ বিভিন্ন স্থানৰ দৰে লখিমপুৰতো পূজা মণ্ডপ মুখৰিত হৈ পৰিছে দেৱী বন্দনাৰে । লখিমপুৰত দুৰ্গা বন্দনাৰে মুখৰ ১৯৮ খন পূজা মণ্ডপ । ব্যতিক্ৰমী ৰূপত সজাই তোলা মণ্ডপে আকৰ্ষণ কৰিছে ভক্তপ্ৰাণ ৰাইজক । ৰাজ্যৰ চৌদিশ এতিয়া দেৱী বন্দনাৰে মুখৰ হৈ পৰিছে । যা দেৱী সৰ্বভূতেষু মন্ত্ৰোচ্চাৰণৰ ধ্বনি ভাহিছে প্ৰতিটো পূজা মণ্ডপৰ পৰা । জিলাখনৰ পঞ্চানন দেৱালয়, বৈঠাৱতী দেৱালয়, হাৰ্হি দেৱালয় আদি কেইখনমান ঐতিহাসিক থানসহ অস্থায়ী মণ্ডপক সাঙুৰি ১৯৮ খন মণ্ডপত চলিছে দুৰ্গা পূজা ।

নগৰ এলেকাতে ৩৫ খন পূজাৰ আয়োজন কৰা হৈছে । জিলাখনৰ পঞ্চানন দেৱালয় আৰু হাৰ্হি দেৱালয়ত পৰম্পৰাগতভাৱে বলি বিধানৰ আয়োজন কৰাৰ বিপৰীতে বাকী ঠাইত সাধাৰণভাৱে পূজাৰ আয়োজন কৰা হৈছে । অস্থায়ী মণ্ডপসমূহৰ একাংশ ব্যতিক্ৰমী ধৰণে নিৰ্মাণ কৰি আকৰ্ষণীয় কৰি তোলা হৈছে । নগৰৰ গোপী নগৰ কলনিৰ এইবাৰৰ পূজা মণ্ডপ স্বদেশ প্ৰেমৰ বাণী আৰু ছবিৰে সজোৱা হৈছে । লাচিত বৰফুকনৰ পৰা আৰম্ভ কৰি বিভিন্নজন শ্বহীদৰ ছবি আৰু বাণী খোদিত কৰা হৈছে এইভাগ দুৰ্গা পূজা মণ্ডপত ৷

সদৰ থানাৰ সমীপৰ পূজা মণ্ডপটি কৈলাশৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে । এনেদৰে বিভিন্ন থীমৰ আৰ্হিত নিৰ্মাণ কৰা আকৰ্ষণীয় মণ্ডপে ৰাইজক মোহিত কৰিছে । জিলাখনত পূজাৰ সময়খিনি শান্তি পূৰ্ণভাৱে পাৰ কৰিবৰ বাবে জিলা প্ৰশাসন, আৰক্ষী, অগ্নি নিৰ্বাপক আদি বিভাগসমূহ সষ্টম হৈ আছে । যান-বাহনৰ বাবে বিভিন্ন উপ-পথৰ ব্যৱস্থা কৰি যান-বাহন শাখাৰ আৰক্ষীয়ে যান-জঁট নিয়ন্ত্ৰণৰ ব্যৱস্থা লৈছে । ৰাইজে যাতে মুকলি মনেৰে পূজা উপভোগ কৰি মা দুৰ্গাৰ আশীষ ল’ব পাৰে তাৰ বাবে জিলা প্ৰশাসনকে ধৰি বিভিন্ন বিভাগে প্ৰয়োজনী ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছে ।

লগতে পঢ়ক :Durga puja 2023: দুৰ্গা পূজাত গুৱাহাটীত নিৰ্মাণ ৰাম মন্দিৰ

ABOUT THE AUTHOR

...view details