অসম

assam

Poor Traffic Condition in Lakhimpur : ডিভাইডাৰ হিচাপে ব্যৱহাৰ আলকতৰাৰ ড্ৰাম; তীব্ৰ প্ৰতিক্ৰিয়া ৰাইজৰ

By

Published : Aug 3, 2023, 5:40 PM IST

লখিমপুৰত চৰ্চাৰ কেন্দ্ৰ বিন্দু এটা আলকতৰাৰ ড্ৰাম ৷ বছৰ বছৰ জুৰি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখৰ তিনিআলিটোত ডিভাইডাৰ হিচাবে ব্যৱহাৰ আহিছে এই আলকতৰাৰ ড্ৰামটো ৷ যাক লৈ এতিয়া ৰাইজে সমালোচনা কৰিছে ৷

Drum used as a Divider in Lakhimpur
ডিভাইডাৰ হিচাবে ব্যৱহাৰ আলকতৰাৰ ড্ৰাম

চৰ্চাৰ কেন্দ্ৰ বিন্দু এটা আলকতৰাৰ ড্ৰাম

লখিমপুৰ, 3 আগষ্ট :লখিমপুৰত এতিয়া এটা খালি আলকতৰাৰ ড্ৰাম চৰ্চালৈ আহিছে ৷ এই ড্ৰামটো আছে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ ঠিক সন্মুখতে ৷ বছৰ বছৰ জুৰি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখৰ তিনিআলিটোত ডিভাইডাৰ হিচাপে ব্যৱহাৰ আহিছে এই আলকতৰাৰ ড্ৰামটো ৷ যিটোক লৈ এতিয়া ৰাইজে তীব্ৰ সমালোচনা কৰিছে ৷

লখিমপুৰত এতিয়া চৰ্চাৰ কেন্দ্ৰ বিন্দু এই আলকতৰাৰ ড্ৰামটো ৷ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত বছৰ বছৰ জুৰি এই আলকতৰাৰ ড্ৰামটো সদা ব্যস্ত তিনিআলিটোত ডিভাইডাৰ হিচাপে ব্যৱহাৰ কৰা হৈছে ৷ যাক লৈ এতিয়া ৰাইজে সমালোচনা কৰিছে ৷ উল্লেখ্য যে, জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আছে এটা অতি ব্যস্ত তিনি আলি ৷ তিনিআলিটোৰ পৰা এটা পথে লখিমপুৰ মেডিকেল কলেজ, বিমান বন্দৰ সংযোগ কৰাৰ বিপৰীতে আন এটা পথ ধেমাজিৰ দিশে আছে আৰু আনটো পথ পৰিবহন নিগমৰ আস্থানক সংযোগ কৰি নগৰৰ মাজেৰে তেজপুৰৰ দিশে আছে ৷

জিলা আয়ুক্তৰ কাৰ্যালয়, আদালত, আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, আৱৰ্ত ভৱনকে ধৰি বহু গুৰুত্বপূৰ্ণ কাৰ্য্যালয়, অনুষ্ঠান আদিক এইকেইটা পথে সংযোগ কৰিছে ৷ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতে থকা এইকেইটা পথৰ তিনিআলিটোত ডিভাইডাৰ হিচাপে আলকতৰাৰ ড্ৰামটো ৰখাই থোৱা হৈছে ৷ তিনি আলিটোৰ সোঁ-মাজতে কেৱল আলকতৰাৰ ড্ৰামটো ৰাখি থোৱাৰ বাহিৰে কোন দিশৰ যান-বাহন কোন দিশে যাব তাৰ কোনো নিৰ্দেশনা নাই ৷ যাৰ বাবে বহু যান-বাহনৰ গৰাকীয়ে যান-বাহনৰ পৰা নামি আহি কাষৰ দোকানীক সুধিহে গন্তব্য পথৰ সন্ধান লব লগীয়া হয় ৷ আনহাতে এই অংশত যান-বাহন সমূহ কেনেদৰে পাৰ হ’ব তাৰ নিৰ্দেশ নথকাৰ বাবে ব্যাপক বিশৃংখলতাৰ সৃষ্টি হয় ৷ পদে পদে দুৰ্ঘটনাৰ আশংকাই বিৰাজ কৰি থাকে তিনিআলিটোত ৷ উল্লেখ্য যে, দৰাচলতে তিনিআলিটোত এটা ট্ৰেফিক পইন্টৰ অতি প্ৰয়োজন আছিল যদিও আজিলৈকে ব্যবস্থা গ্ৰহণ কৰা নহ’ল ৷

ট্ৰেফিক পইন্ট নহ’লেও পকী ডিভাইডাৰ এটা স্থাপন কৰি যান-বাহনৰ বাবে পথৰ সংকেত দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল প্ৰশাসনে ৷ কিন্তু সেয়াও কৰা নহ’ ল ৷ কেৱল তিনিআলিটোৰ সোঁ-মাজতে এটা আলকতৰাৰ ড্ৰাম থৈ দি দায়িত্ব সামৰা হ’ল ৷ লক্ষ্যণীয় যে, নগৰ উন্নয়নৰ শিতানত কেন্দ্ৰীয় চৰকাৰৰ পৰা লখিমপুৰলৈ এশ কোটি টকা আৱন্টন হয় ৷ অন্য শিতানৰ পৰাও উন্নয়নী পুঁজি বহু পৰিমাণে আৱন্টন হৈছে ৷ তাৰ পিছতো নগৰ এলেকাৰ মাজত বিশেষকৈ খোদ জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰৱেশ গেটৰ সন্মুখত এনেদৰে আলকতৰাৰ ড্ৰাম দি ৰখা হৈছে ৷ যিটো এতিয়া লখিমপুৰীয়া ৰাইজৰ বাবে লজ্বাৰ বিষয় বুলি অভিহিত কৰি ৰাইজ তথা বিভিন্ন সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক :Farmers now busy: ৰঙিয়াত শাওনৰ পথাৰত ভূঁই ৰোৱাত ব্যস্ত কৃষিজীৱী গঞা

ABOUT THE AUTHOR

...view details