বিহপুৰীয়া, 25 মে’: মঙলবাৰে পুৱাই নাৰায়ণপুৰস্থিত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যালয়ত উপস্থিত হয় মন্ত্ৰী ডাঃ ৰনোজ পেগু । দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যালয়ত উপস্থিত হৈ নৱ গঠিত চৰকাৰখনৰ ভৈয়াম জনজাতি উন্নয়ন দপ্তৰৰ মন্ত্ৰী গৰাকীয়ে পাৰিষদ সকলৰ সৈতে আলোচনাত মিলিত হয় ।
নাৰায়ণপুৰস্থিত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যালয়ত উপস্থিত মন্ত্ৰী ৰনোজ পেগু উল্লেখ্য যে, নতুন চৰকাৰখনে দায়িত্ব গ্ৰহণ কৰাৰ পিছতে ৰাজ্যৰ স্বায়ত্ব শাসিত পৰিষদসমূহ শক্তিশালী আৰু শৃংখলাবদ্ধ কৰাৰ লক্ষ্য স্থিৰ কৰাৰ কথা সদৰি কৰে মন্ত্ৰী গৰাকীয়ে । তাৰেই অংশ হিচাপে ইতিমধ্যে অন্যান্য পৰিষদসমূহৰ লগত আলাপ আলোচনা কৰাৰ সমান্তৰালকৈ দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নেতৃবৃন্দৰ লগতো আলোচনাত মিলিত হয় মন্ত্ৰী গৰাকী ।
নতুন চৰকাৰে পৰিষদ সমূহৰ বাবে এবছৰীয়া পৰিকল্পনাৰ বিপৰীতে পাঁচ বছৰীয়া পৰিকল্পনা কৰি দীৰ্ঘম্যাদী আঁচনি ৰূপায়ণৰ চিন্তা চৰ্চা কৰাৰ কথা সংবাদ মাধ্যমৰ আগত সদৰি কৰে বিভাগীয় মন্ত্ৰী গৰাকীয়ে ।
আনহাতে, সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বেতন বঞ্চিত শিক্ষক সকলক নিয়মীয়া কৰণৰ ক্ষেত্ৰত পুংখানুপুংখভাৱে পৰ্যালোচনা কৰি থকা হৈছে বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে । ইফালে ক'ভিড পৰিস্থিতি ক্ৰমাৎ ভাললৈ অহা বুলি সদৰি কৰাৰ লগতে মন্ত্ৰী গৰাকীয়ে সকলোকে সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনায় ।
লগতে পঢ়ক:ক’ভিড সম্পৰ্কত চৰকাৰৰ স্থিতি স্পষ্টৰ নিৰ্দেশ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ