বিহপুৰীয়া, 6 মাৰ্চ :মিত্ৰতা সত্বেও ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে বিহপুৰীয়া সমষ্টিত প্ৰদান কৰিলে পৃথক প্ৰাৰ্থীত্ব ৷ শুকুৰবাৰে অসম জাতীয় পৰিষদে অচ্যুত শইকীয়াক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ পাছত আজি সমষ্টিটোৰ পৰা ৰাইজৰ দলৰ তৰফৰ পৰা যুৱ নেতা অনুপ শইকীয়াক প্ৰাৰ্থীত্ব প্ৰদান কৰা হয় ৷ অনুপ শইকীয়াক প্ৰাৰ্থীত্ব প্ৰদানৰ লগে লগে সমষ্টিটোত দলটোৰ সমৰ্থকসকলে নেতাগৰাকীৰ ঘৰৰ সন্মুখত আনন্দ-উল্লাহ কৰা পৰিলক্ষিত হয় ৷
বিহপুৰীয়া সমষ্টিত ৰাইজৰ দল আৰু অজাপৰ পৃথক প্ৰাৰ্থীত্ব প্ৰদান - অচ্যুত শইকীয়া
বিহপুৰীয়া সমষ্টিত ৰাইজৰ দল আৰু অজাপৰ পৃথক প্ৰাৰ্থীত্ব প্ৰদান ৷ শুকুৰবাৰে অজাপই অচ্যুত শইকীয়াক প্ৰাৰ্থীত্ব প্ৰদানৰ পাচতে আজি ৰাইজৰ দলে অনুপ শইকীয়াক প্ৰাৰ্থীত্ব প্ৰদান কৰে ৷
বিহপুৰীয়াত ৰাইজৰ দলৰ আনন্দোল্লাস
মিত্ৰতাৰ পাছতো সমষ্টিটোত দুয়োটা দলে প্ৰাৰ্থীত্ব প্ৰদান কৰাত ৰাজনৈতিক সমীকৰণ সলনি হোৱা পৰিলক্ষিত হৈছে ৷ আনহাতে, সমষ্টিটোত ৰাইজৰ দলে প্ৰাৰ্থীত্ব প্ৰদান কৰা 28 বছৰীয়া অনুপ শইকীয়া সমষ্টিটোৰ সৰ্ব কনিষ্ঠ প্ৰাৰ্থী হিচাপে পৰিগণিত হোৱাৰ পথত ৷