অসম

assam

ETV Bharat / state

তাল বাদনেৰে মুখৰিত ধূৱাহাট বেলগুৰি সত্ৰ - belguri satra

নাৰায়ণপুৰৰ শ্ৰী শ্ৰী ধূৱাহাট বেলগুৰি সত্ৰত(Dhuwahat Belguri Satra) মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ(Sankardev) তিৰোভাৱ তিথি(Tirobhab Tithi) পালন ৷ ক’ভিড প্ৰট’কল মানি অনুষ্টুপীয়াকৈ মহাপুৰুষজনাৰ তিৰোভাৱ তিথি পালন কৰিছে ভকত-বৈষ্ণৱসকলে ৷

tirobhab tithi of srimanta sankardev observed at dhuwahat belguri satra
ধূৱাহাট বেলগুৰি সত্ৰত শংকৰদেৱৰ তিৰোভাৱ তিথি পালন

By

Published : Sep 8, 2021, 2:23 PM IST

বিহপুৰীয়া, 8 ছেপ্তেম্বৰ : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ(Sankardev) 453 সংখ্যক তিৰোভাৱ তিথি(Tirobhab Tithi) উপলক্ষে নাৰায়ণপুৰৰ শ্ৰী শ্ৰী ধূৱাহাট বেলগুৰি সত্ৰত(Dhuwahat Belguri Satra) চলিছে নাম-প্ৰসংগ ৷ মহাপুৰুষজনাক স্মৰণ কৰি সত্ৰত নাম-প্ৰসংগ কৰিছে ভকত-বৈষ্ণৱসকলে ৷

ধূৱাহাট বেলগুৰি সত্ৰত শংকৰদেৱৰ তিৰোভাৱ তিথি পালন

বাৰ বৈষ্ণৱৰ জন্মস্থান নাৰায়ণপুৰত বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে গুৰুজনাৰ তিৰোভাৱ তিথি । ঘোষা-কীৰ্ত্তন, নাম-প্ৰসংগৰে মুখৰিত হৈ পৰিছে ধূৱাহাট বেলগুৰি সত্ৰ ৷ কৰ’ণা কালৰ মাজতে আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে নাৰায়ণপুৰত ৷

ধূৱাহাট বেলগুৰি সত্ৰত শংকৰদেৱৰ তিৰোভাৱ তিথি পালন

অৱশ্যে ক’ভিডৰ(Covid)ৰ বাবে ৰাজ্য চৰকাৰৰ নিৰ্দেশমৰ্মে ক’ভিড প্ৰট’কল মানি অনুষ্টুপীয়াকৈ পালন কৰিবলগীয়া হৈছে গুৰুজনাৰ আৱিৰ্ভাৱ তিথি ৷ এইবাৰো কৰ’ণাৰ সংহাৰে সাতামপুৰুষীয়া পৰম্পৰাত ব্যাঘাত জন্মাইছে ৷

ধূৱাহাট বেলগুৰি সত্ৰত শংকৰদেৱৰ তিৰোভাৱ তিথি পালন

লগতে পঢ়ক:গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে কলিয়াবৰত ‘গুৰু-কীৰ্ত্তন’

ABOUT THE AUTHOR

...view details