অসম

assam

By

Published : May 22, 2019, 6:27 PM IST

ETV Bharat / state

ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈত মৃতদেহ উদ্ধাৰ

ঢকুৱাখনা ৰামপুৰ শিমলুগুৰিৰ চেনিৰাম দাসৰ পুত্ৰ ভবেশ দাসে যোৱা 19 মে'ৰ গধুলি 8:30 মান বজাত ওচৰৰে হুজ গাঁৱৰ বিহু সন্মিলনৰ পৰা চাৰিকড়ীয়া নৈৰ বলাই ঘাটৰ বাঁহৰ দলঙেৰে পাৰ হৈ নিজ গৃহলৈ গৈ থকা অৱস্থাত মটৰ চাইকেলৰ সৈতে দলঙৰ পৰা পৰি নিহত হোৱাৰ সন্দেহ ।

ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈত মৃতদেহ উদ্ধাৰ

ঢকুৱাখনা, 22 মে': ঢকুৱাখনা চাৰিকড়ীয়া নৈত ভবেশ দাস নামৰ এজন যুৱকৰ সলিল সমাধি। ঢকুৱাখনা ৰামপুৰ শিমলুগুৰিৰ চেনিৰাম দাসৰ পুত্ৰ ভবেশ দাসে যোৱা 19 মে'ৰ গধুলি 8:30 মান বজাত ওচৰৰে হুজ গাঁৱৰ বিহু সন্মিলনৰ পৰা চাৰিকড়ীয়া নৈৰ বলাই ঘাটৰ বাঁহৰ দলঙেৰে পাৰ হৈ নিজ গৃহলৈ গৈ থকা অৱস্থাত মটৰ চাইকেলৰ সৈতে দলঙৰ পৰা পৰি নিহত হোৱাৰ সন্দেহ । মঙলবাৰে দুপৰীয়া বলাই ঘাটৰ উক্ত বাঁহৰ দলঙৰ তলত অনুসন্ধান কৰি মৃত যুৱকজনৰ বাইকখন উদ্ধাৰ হোৱাত যুৱকজন চাৰিকড়ীয়া নৈতে সন্ধানহীন হোৱাৰ সন্দেহ কৰি এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কাৰ্য চলাই আজি বিয়লি 2:00 মান বজাত মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈত মৃতদেহ উদ্ধাৰ

লগতে পঢ়ক: ডুমডুমাত আজৱ কাণ্ডঃ জ্বলা অঙঠাৰে খেলা যুৱতীৰ

বৰ্তমান মৃত ভবেশ দাসক ঢকুৱাখনা মহকুমাৰ দণ্ডাধীশৰ উপস্থিতিত পৰিয়ালৰ লোকে মৃতদেহ চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷

ABOUT THE AUTHOR

...view details