অসম

assam

By

Published : Jun 5, 2023, 4:24 PM IST

ETV Bharat / state

Culvert construction: ধোঁৱাচাঙত চৰকাৰী আঁচনি, গাঁঠিৰ ধন ভাঙি কালভাৰ্ট নিৰ্মাণ ৱাৰ্ড মেম্বাৰৰ

লখিমপুৰ জিলাৰ নাওবৈচাত ৰাইজৰ প্ৰতি মহানুভৱতা প্ৰকাশ কৰিলে পঞ্চায়তৰ এগৰাকী ৱাৰ্ডৰ সদস্যই। চৰকাৰী আঁচনিলৈ বাট নাচাই এগৰাকী পঞ্চায়তৰ ৱাৰ্ড সদস্য সহদেৱ পেগুৱে গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰে এটা কালভার্ট (Culvert construction by ward member) ৷

Culvert construction by ward member expend his own money
গাঁঠিৰ ধন ভাঙি কালভাৰ্ট নিৰ্মাণ ৱাৰ্ড মেম্বাৰৰ

গাঁঠিৰ ধন ভাঙি কালভাৰ্ট নিৰ্মাণ ৱাৰ্ড মেম্বাৰৰ

লখিমপুৰ, ৫ জুন : ৰাজ্যত ইটোৰ পিচত সিটো চৰকাৰী আঁচনি ৷ সাধাৰণতে চৰকাৰৰ জনপ্ৰতিনিধিৰ মুখত আখৈ ফুটাদি ফুটে অভিলাষী চৰকাৰী আঁচনিৰ তালিকা ৷ কিন্তু এই আঁচনি কিমান ফলপ্ৰসূ হৈছে ? আমি সততে চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা প্ৰায় গাঁওসমূহৰ দুখ-দুৰ্গতি বাতৰি হিচাপে প্ৰকাশ কৰি আহিছো (Ward member constructed culvert) ৷ কিন্তু ইয়াৰ পিচতো আজিও চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা কিছু গাঁৱত লোকে জীয়াতু ভুগিছে ৷

এইবাৰ লখিমপুৰ জিলাৰ নাওবৈচাত ৰাইজৰ প্ৰতি মহানুভৱতা প্ৰকাশ কৰিলে পঞ্চায়তৰ এগৰাকী ৱাৰ্ডৰ সদস্যই। চৰকাৰী আঁচনিলৈ বাট নাচাই এগৰাকী পঞ্চায়তৰ ৱাৰ্ড সদস্যই গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰে এটা কালভার্ট ৷ লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ অন্তৰ্গত ৰামপুৰ বগীবিল গাওঁ পঞ্চায়তৰ নিৰ্দলীয় হিচাপে নিৰ্বাচিত হোৱা ৫নং ৱাৰ্ডৰ সদস্য, সহদেৱ পেগুৱে গাঁঠিৰ ধন প্ৰায় দেৰ লাখমান টকা ব্যয় কৰি কালভাৰ্টটো নিৰ্মাণ কৰি ৰাইজক উপহাৰ দিয়ে।

দীৰ্ঘদিন ধৰি স্থানীয় ৰাইজে দুৰ্ভোগ ভুগি অহা দেখি উপায়ন্তৰ হৈ নিজৰ গাঁঠিৰ ধন খৰচ কৰি পকী কালভার্ট নিৰ্মাণ কৰি যাতায়াত সুচল কৰি দিলে ৱাৰ্ড সদস্য জনে (Culvert construction by ward member)।

দশকৰ পাছত দশক ধৰি পৰি থকা এই কালভাৰ্টটোৰ নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে কেইবাবাৰো আবেদন জনাইছিল ৷ কিন্তু আজিলৈ ৰাইজৰ আবেদনখন চাবলৈকে সময় নহ’ল চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ ৷ ইফালে সমষ্টিৰ ৰাইজলৈ পিঠি দিয়া, সমষ্টিৰ ৰাইজৰ দুখ-দুৰ্দশাৰ ওপৰত এবাৰো চকু নিদিয়া নাওবৈচা সমষ্টিৰ বৰ্তমানৰ বিধায়ক ভৰত চন্দ্ৰ নৰহৰ লগতে শাসনাধীন চৰকাৰৰ বিভাগীয় কৰ্মচাৰীয়েও আজিলৈকে মাহী আইৰ দৃষ্টিৰে অঞ্চলটোৰ লোকসকলক চাই আহিছে বুলি ক্ষোভ উজাৰে স্থানীয় লোকে । কেৱল মাত্ৰ নিৰ্বাচনৰ সময়তহে প্ৰতিশ্ৰুতি প্ৰদান কৰে বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷

যাৰ বাবে চৰকাৰৰ সহায়ৰ বাবে বাট নাচাই নিজৰ ধনেৰে কলভাৰ্ট নিৰ্মাণ কৰি সুচল কৰি তুলিলে ৱাৰ্ড সদস্যগৰাকীয়ে । তেওঁৰ এই অবদানক অঞ্চলটোৰ ৰাইজ শলাগ লৈছে ৷

লগতে পঢ়ক:Encroachment in Laharighat: লাহৰীঘাট ৰাজহ চক্ৰত পুনৰ বেদখল

ABOUT THE AUTHOR

...view details