ঢকুৱাখানা,20 মে': ভিতৰুৱা অঞ্চলৰ পথ-দলং নিৰ্মাণৰ বাবে চৰকাৰে ভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে যদিও আঁচনি ৰূপায়ণৰ নামত একাংশ ঠিকাদাৰ আৰু গড়কপ্তানী বিভাগৰ অভিযন্তা মিলি ব্যাপক দুৰ্নীতি-অনিয়মেৰে চৰকাৰী পূঁজিৰ লুণ্ঠন চলোৱাৰ অভিযোগ একাংশ ৰাইজৰ ৷ শেহতীয়াকৈ ঢকুৱাখনাৰ ডিমৰুগুৰি গাঁও পঞ্চায়তত পথ আৰু দলং নিৰ্মাণত-"সাৰদা প্ৰজেক্ট লিমিটেড" নামৰ ঠিকাদাৰ গোষ্ঠীটোৱে চূড়ান্ত অনিয়ম কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ বিশেষকৈ ঢকুৱাখানা সমষ্টিৰ কৃষ্ণপুৰ চাৰিআলিৰ পৰা নিৰ্মাণৰত অৱস্থাত থকা খজুৱা চণ্ডী গড়কপ্তানী পথটোৰ ১২.৩৮৬ কি:মি: অংশ পকীকৰণ আৰু ৭ খন দলঙৰ নিৰ্মাণৰ কাম উন্নত মানৰ নোহোৱাৰ অভিযোগ ডিমৰুগুৰি, খজুৱা পাতি আদি অঞ্চলৰ স্থানীয় ৰাইজৰ। অভিযোগ অনুসৰি এই পথটোৰ দাংধৰা নদীৰ ওপৰত নিৰ্মাণ হৈ থকা পকী দলঙৰ খুঁটা নিৰ্মাণত নিৰ্মাণকাৰী সংস্থা-" সাৰদা প্ৰজেক্ট লিমিটেডে" অনিয়ম কৰাৰ ফলত দলঙৰ উত্তৰ পাৰৰ দ্বিতীয় খুঁটাৰ ৰিংটোৰ পকী ঢালাই খোলাৰ পাচতে জহি-খহি পৰাত ৰাইজৰ চকুত নপৰিবলৈ চিমেন্টৰ বস্তা,বালি দি ঢাকি ৰাখিছিল নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে।
ঢকুৱাখানাৰ ডিমৰুগুৰিত দলং নিৰ্মাণত ব্যাপক অনিয়ম!! - corruption in road and bridge costruction at Dhokuakhana
"সাৰদা প্ৰজেক্ট লিমিটেড" নামৰ ঠিকাদাৰ গোষ্ঠীৰ চূড়ান্ত অনিয়মৰ অভিযোগ ৷ খজুৱা চণ্ডী গড়কপ্তানি পথটোৰ ১২.৩৮৬ কি:মি: অংশ পকীকৰণ আৰু ৭ খন দলঙৰ নিৰ্মাণৰ কামত গাফিলতিৰ অভিযোগ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ৷
এই কথা ডিমৰুগুৰি আঞ্চলিক টি এম পি কে'ৰ লগতে একাংশ ৰাইজৰ দৃষ্টি গোচৰ হোৱাত ৰাইজে অনুসন্ধান কৰাত পোহৰলৈ আহে প্ৰকৃত সত্য । খুঁটাৰ ৰিং বনোৱাত শ্ৰমিকসকলে চিমেন্টতকৈ বালিৰ পৰিমাণ বেছিকৈ দিয়াৰ ফলতেই এনেদৰে জহি-খহি গৈছে ৰিং। প্ৰায় ২৯২৯.১৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কাৰ্য চলি থকা কৃষ্ণপুৰ চাৰিআলি-খজুৱা চণ্ডী সংযোগী গড়কপ্তানী পথটোৰ পথ পকীকৰণ আৰু দলং নিৰ্মাণত" সাৰদা প্ৰজেক্ট লিমিটেডে"এনেদৰে অনিয়ম সংঘটিত কৰাত ক্ষুব্ধ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। সেয়েহে শীঘ্ৰেই দলঙৰ খুঁটাৰ নিম্নমানৰ কাম বন্ধ কৰি উন্নত মানৰ সামগ্ৰীৰে নিৰ্মাণ কাৰ্য চলাবলৈ ডিমৰুগুৰিৰ ৰাইজৰ লগতে টি এম পি কে'ৰ আঞ্চলিক সমিতিয়ে দাবী উত্থাপন কৰিছে চৰকাৰক ৷