লখিমপুৰ, ২১ নৱেম্বৰ: আভ্যন্তৰীণ কন্দলে কংগ্ৰেছৰ ভিতৰচ'ৰাত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। সমষ্টিয়ে সমষ্টিয়ে দলৰ একাংশ নেতাৰ বিৰুদ্ধে বিসম্বাদ কৰ্মীৰ। লখিমপুৰৰ ঘিলামৰা আদৰ্শ বুনিয়াদী বিদ্যালয়ত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ সভাত কৰ্মীৰ অসন্তোষ্টিয়ে ভয়াৱহ ৰূপ ল'লে। সভাত আগন্তুক বিধানসভা নিৰ্বাচনত ভৰত নৰহক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বিৰোধিতা কৰে একাংশ কৰ্মীয়ে। নৰহৰ পৰিৱৰ্তে কৰ্মীসকলে কালিদাস কামান নামৰ এজন ব্যক্তিক প্ৰাৰ্থীত্ব প্ৰদানৰ দাবী জনোৱাত মঞ্চত বহি থকা ভৰত নৰহৰ পত্নী ৰাণী নৰহে কৰ্মীকেইগৰাকীলৈ চোঁচা লয়। লগতে কংগ্ৰেছৰ একাংশ কৰ্মীক বিজেপিৰ এজেণ্ট আখ্যা দিয়ে।
লখিমপুৰত কংগ্ৰেছৰ সভাত দলীয় কৰ্মীৰ মাজতে মাৰ-পিট - বিধানসভা সমষ্টিৰ প্ৰাৰ্থীত্ব
বিধানসভা সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰদানক লৈ লখিমপুৰত কংগ্ৰেছৰ সভাত উত্তপ্ত পৰিস্থিতি। বিধানসভা সমষ্টিৰ প্ৰাৰ্থীত্বক লৈ ভৰত নৰহৰ প্ৰাৰ্থীত্বৰ বিৰোধিতা কৰা কংগ্ৰেছ কৰ্মীলৈ মঞ্চৰ পৰাই চোঁচা ল'লে পত্নী ৰাণী নৰহে। ভৰত নৰহৰ বিৰোধিতা কৰা কৰ্মীৰে সমৰ্থকৰ হতাহতি। প্ৰাৰ্থীত্ব লাভৰ বাবে দুয়োপক্ষৰ খোৱা-কামোৰা।
লখিমপুৰত কংগ্ৰেছৰ সভাত দলীয় কৰ্মীৰ মাজতে মাৰ-পিট
ইয়াৰ পিছতে পৰিস্থিতিয়ে ভয়াৱহ ৰূপ লয়। ভৰত নৰহৰ সমৰ্থক আৰু বিৰোধী কৰ্মীৰ মাজত হতাহতিৰ সৃষ্টি হয়। দলৰ নেতাই পৰস্পৰক মাৰ-পিট কৰে। পিছত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আন ৰাজনৈতিক দলসমূহে আগন্তুক নিৰ্বাচনৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাই থকাৰ সময়তে কংগ্ৰেছৰ দলীয় কৰ্মীৰ মাজত সৃষ্টি হোৱা এনে মতভেদে সমস্যাৰ সৃষ্টি কৰিছে।
লগতে পঢ়ক:কলিয়াবৰৰ এটা শৰীৰ চৰ্চা কেন্দ্ৰৰ মুকলি অনুষ্ঠানত মি. ৱৰ্ল্ড গৌতম কলিতা