অসম

assam

ETV Bharat / state

লখিমপুৰত কংগ্ৰেছ-চিপিআইৰ ‘মিত্ৰজোঁট’ৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ - কংগ্ৰেছ আৰু চিপিআই

সোমবাৰে লখিমপুৰত মিত্ৰজোঁটৰ চূড়ান্ত ৰূপ প্ৰদান কংগ্ৰেছ আৰু চিপিআইৰ ৷ সমাগত বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন চৰকাৰক পৰাভূত কৰাৰ লক্ষ্যৰে এই সিদ্ধান্ত গ্ৰহণ দুয়োটা দলৰ ৷

Congress and CPI Alliance in Lakhimpur
কংগ্ৰেছ-চিপিআইৰ ‘মিত্ৰজোঁট’ৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ

By

Published : Oct 12, 2020, 5:15 PM IST

লখিমপুৰ,12 অক্টোবৰ: সমাগত বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন চৰকাৰক পৰাভূত কৰাৰ লক্ষ্যৰে সোমবাৰে লখিমপুৰত মিত্ৰজোঁটৰ চূড়ান্ত ৰূপ প্ৰদান কৰে কংগ্ৰেছ আৰু ভাৰতৰ কমিউনিষ্ট পাৰ্টীয়ে ৷ নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এক সংবাদমেলযোগে দুয়োটা দলৰ জিলা নেতৃত্বই এই সিদ্ধান্ত ঘোষণা কৰে ।

কংগ্ৰেছ-চিপিআইৰ ‘মিত্ৰজোঁট’ৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ

লখিমপুৰ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি ডাঃ জয়প্ৰকাশ দাস,চিপিআইৰ লখিমপুৰ জিলা পৰিষদৰ সভাপতি অৰূপ কলিতাই সংবাদমাধ্যমক সম্বোধন কৰি এই মিত্ৰজোঁটৰ কথা অৱগত কৰে । আনহাতে কংগ্ৰেছ দলৰ নেতৃত্বত অসমত মিত্ৰজোঁটৰ প্ৰথম পৰ্যায় লখিমপুৰতে শুভাৰম্ভ হোৱাৰ কথা উল্লেখ কৰে দুয়োটা দলৰ সদস্যসকলে ।

দুয়োটা দলৰ নেতৃত্বই বিজেপিক বিধানসভা নিৰ্বাচনত যিকোনো প্ৰকাৰে পৰাভূত কৰাৰ স্বাৰ্থত মিত্ৰজোঁট গঠন কৰিছে। বৃহৎ পুঁজিপতি গোষ্ঠীৰ স্বাৰ্থত অহৰহ কাম কৰা বিজেপি দলৰ চৰকাৰে দৰিদ্ৰ লোক,কৃষক,শ্ৰমিক শ্ৰেণীক ভয়ংকৰ ৰূপে শোষণ চলাইছে । লগতে দুয়োটা দলৰ নেতৃত্বই সকলো চৰকাৰী আঁচনিতে বিজেপিকৰণ কৰাৰো অভিযোগ উত্থাপন কৰে ।

লগতে পঢ়ক:গৰৈমাৰীত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং আমুল তাজা

ABOUT THE AUTHOR

...view details