অসম

assam

ETV Bharat / state

লীলাবাৰী বিমান বন্দৰত মুকলি হ’ব উত্তৰ-পূৱৰ প্ৰথমটো পাইলট প্ৰশিক্ষণ কেন্দ্র - চুখই যুঁজাৰু বিমান

এটা সুখবৰে উৎফুল্লিত কৰি তুলিছে লখিমপুৰবাসীক । কেৱল লখিমপুৰৰ বাবেই নহয়, উত্তৰ-পূৰ্বাঞ্চলৰ বাবেও আশাৰ বতৰা কঢ়িয়াই আনিছে খবৰটোৱে । উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো পাইলট প্ৰশিক্ষণ কেন্দ্র মুকলি হ’ব লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰত(Northeast's first pilot training academy at Lilabari Airport) ।

Northeast's first pilot training academy at Lilabari Airport
লীলাবাৰী বিমান বন্দৰ

By

Published : Apr 8, 2022, 8:59 AM IST

লখিমপুৰ, 8 এপ্রিল :লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰত 12 এপ্রিলত মুকলি কৰা হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো পাইলট প্ৰশিক্ষণ কেন্দ্র(Commercial pilot training to start at Lilabari ) ৷ পাইলট প্ৰশিক্ষণ কেন্দ্রটো আনুষ্ঠানিকভাৱে মুকলি কৰিব কেন্দ্রীয় অসামৰিক বিমান পৰিবহন দপ্তৰৰ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই(Union Civil Aviation Minister Jyotiraditya Scindia) । আনুষ্ঠানটোত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।

লীলাবাৰী বিমান বন্দৰ

ৰেড বাৰ্ড ফ্লাইট ট্ৰেইনিং একাডেমীয়ে(The Red Bird Flight Training Academy) পৰিচালনা কৰা এই কেন্দ্রটোত বিমান সেৱাৰ লগত জড়িত সকলো কৰ্মচাৰীৰ প্ৰশিক্ষণৰ ব্যৱস্থা থাকিব ৷ অৱশ্যে প্ৰথম অৱস্থাত কেৱল পাইলটৰ প্ৰশিক্ষণ কেন্দ্রটোহে মুকলি কৰা হ’ব । পৰৱৰ্তী সময়ত সকলো সেৱাৰে প্ৰশিক্ষণ দিয়া হ’ব এই কেন্দ্রটোত ।

উল্লেখ্য যে, বৰ্তমান অসামৰিক বিমান সেৱা চলি থকা এই বন্দৰটোত যুদ্ধকালীন পৰিস্থিতিত তৎকালীনভাৱে সামৰিক ঘাটিলৈ পৰিৱৰ্তন কৰিব পৰাকৈ সাজু কৰি ৰখা হৈছে । চুখৈ যুঁজাৰু বিমানৰ(Sukhoi Fighter Aircraft) উৰণ অৱতৰণ কৰি বিমান বন্দৰটো সামৰিক বন্দৰৰূপে ব্যৱহাৰ কৰিব পৰাকৈ সাজু কৰি ৰখা হৈছে । পাইলট প্ৰশিক্ষণ কেন্দ্রটো স্থাপনৰ ফলত গুৰুত্ব বৃদ্ধি পাইছে লীলাবাৰী বিমান বন্দৰৰ ।

লগতে পঢ়ক :অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদল

ABOUT THE AUTHOR

...view details