অসম

assam

ETV Bharat / state

লখিমপুৰৰ সাম্প্ৰতিক পৰিস্থিতি পৰ্যবেক্ষণ মুখ্যমন্ত্ৰীৰ - লীলাবাৰী বিমানকোঠ

বৃহস্পতিবাৰে লখিমপুৰ ভ্ৰমণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ লখিমপুৰৰ লীলাবাৰী বিমানকোঠত অৱতৰণ কৰি মুখ্য়মন্ত্ৰী গৰাকী পোনে পোনে উপস্থিত হয় জিলা উপায়ুক্ত কাৰ্যালয়ত ৷

CM visit lakhimpur assam etv bharat news
লখিমপুৰত মুখ্যমন্ত্ৰী

By

Published : Mar 26, 2020, 10:19 PM IST

লখিমপুৰ,26 মাৰ্চঃৰাজ্যৰসাম্প্ৰতিক পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে বৃহস্পতিবাৰে লখিমপুৰত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ভাইৰাছবিধৰ সংক্ৰমণৰ পৰা কেনেদৰে পৰিত্ৰাণ পাব পাৰি উক্ত বিষয়ত কার্যপন্থা গ্ৰহণ সন্দৰ্ভত লখিমপুৰৰ উপায়ুক্ত তথা আৰক্ষী অধীক্ষকৰ উপৰিও স্বাস্থ্য,খাদ্য,গড়কাপ্তানি বিভাগৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী আৰু ধেমাজি জিলাৰ উপায়ুক্ত তথা আৰক্ষী অধীক্ষকৰ সৈতে লখিমপুৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত এক বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী ।

লখিমপুৰত মুখ্যমন্ত্ৰী

বৈঠকৰ অন্তত সাংবাদিকৰ লগত হোৱা সাক্ষাৎকাৰত মুখ্যমন্ত্ৰীয়ে কৰ’ণা ভাইৰাছৰ পৰিস্থিতিৰ পৰা ৰক্ষা পৰিবলৈ সকলো ধৰণৰ চিকিৎসা ব্যৱস্থা,খাদ্য-সামগ্ৰী,পশুধনৰ খাদ্য আৰু জৰুৰীকালীন ব্যৱস্থাৰ দিহা কৰা হোৱা বুলি মন্তব্য কৰে ৷ ৰাইজৰ সহযোগিতাৰ দ্বাৰা ইয়াক নিৰ্মুল কৰিব পৰা যাব বুলি ৰাইজৰ প্ৰতি আহ্বান জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ ২১ দিনৰ লক ডাউনৰ সময়ছোৱাত সকলোকে ঘৰত থাকি কৰ’ণা ভাইৰাছ প্ৰতিহত কৰাটো একমাত্ৰ উপায় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

লগতে চাওকঃকৰ’ণা আতংকৰ মাজতে নলবাৰীত আৱদ্ধ বিদেশী পৰ্যটক

ABOUT THE AUTHOR

...view details