লখিমপুৰ, ২১ জুন: আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । সমগ্ৰ বিশ্ববাসীয়ে পালন কৰিছে যোগ দিৱস । সমান্তৰালকৈ অসমতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে বিভন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে । লখিমপুৰৰ গেৰুকামুখস্থিত সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্পত কেন্দ্রীয়ভাৱে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে ।
সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্পৰ প্ৰেক্ষাগৃহত আয়োজিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । সংস্কৃত শ্লোকেৰে ভাষণ আৰম্ভ কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে, সমগ্ৰ বিশ্বই এতিয়া ভাৰতৰ যোগ সাধনাক স্বীকৃতি দিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত এতিয়া যোগে বিশ্বজনীন ৰূপ পালে বুলি কৈ যোগে শাৰীৰিক মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধন কৰে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
তেওঁ লগতে কয় যে, যোগাভ্যাসে আমাৰ জীৱনৰ সৰ্বতোপ্ৰকাৰৰ উন্নতি সাধন কৰে । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিত আৰু আদৰ্শত যোগ বিৰাজমান বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে । সকলোকে যোগাভ্যাসৰ জৰিয়তে শৰীৰ মন সুস্থ সবল কৰি ৰাখিবলৈ আহ্বান জনাই তেওঁ নিজেও যোগাভ্যাস কৰে ।