লখিমপুৰ,১৯ ছেপ্টেম্বৰ :কৰ'ণা (Corona) মহামাৰীয়ে বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ পেলাইছে । বহুতৰ বাবে অভিশাপ স্বৰূপ হৈ পৰিছে কৰ'ণা মহামাৰী । বিভিন্ন ক্ষেত্ৰৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনটো মহামাৰীৰ যথেষ্ট প্ৰভাৱ পৰা দেখা গৈছে ।
ক'ভিড (Covid) পৰিস্থিতিৰ বাবে বিগত প্ৰায় ২ বছৰ ধৰি বন্ধ হৈ আছে অসমৰ ছবিগৃহসমূহ (Cinema Hall) । যাৰ বাবে এই ছবিগৃহৰ মালিক তথা কৰ্মচাৰীসকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে । ক'ভিড পৰিস্থিতি কিছু উন্নত হোৱাৰ লগে লগে ভাৰতৰ বিভিন্ন স্থানত ছবিগৃহবোৰ মুকলি কৰি দিয়া হৈছে যদিও এতিয়ালৈ অসম চৰকাৰে (Assam Government) ৰাজ্যখনৰ ছবিগৃহবোৰৰ বাবে কোনো বিশেষ ঘোষণা কৰা নাই । যাৰ বাবে চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ছবিগৃহৰ মালিক তথা কৰ্মচাৰীসকল ।
ইফালে আৰ্থিক সংকটত পৰা ৰাজ্যৰ ছবিগৃহবোৰৰ মালিক তথা কৰ্মচাৰীসকলক চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ বাবে ওলাই অহা দেখা গ'ল । লখিমপুৰ জিলাতো দেখা গ'ল প্ৰতিবাদ । লখিমপুৰৰ বিশ্ব টকীজ ছবিগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিলে ছবিগৃহ কতৃপক্ষ তথা কৰ্মচাৰীসকলে ।