নাওবৈচা,১৪ এপ্ৰিল: যোৱাটো বৰ্ষত প্ৰকৃতিয়ে সাজি-কাচি ন-সাজ পিন্ধোতেই কৰ’ণা মহামাৰীয়ে স্তব্ধ কৰি পেলাইছিল মানুহৰ জীৱন যাত্ৰা ৷ সেয়েহে যোৱা বর্ষৰ সকলো দু-স্বপ্ন পাহৰি এইবাৰ ৰঙালী বহাগক আদৰিলে স্বাভিমানী অসমীয়াই । এই ৰঙালী বহাগৰ উচাহ-উদ্দীপনাই গৰু বিহু দিনা স্পৰ্শ কৰি গ’ল বানেধুৱা নাওবৈচাবাসীক ।
অভিযাত্ৰীৰ উদ্যোগত নাওবৈচাত মুকলি বিহু উদযাপন - প্ৰাকৃতিক পৰিবেশ
বুধবাৰে নাওবৈচাবাসী ৰাইজে পৰম্পৰা অনুসৰি পুৱা নৈ-বিল আদিত গৰু গা ধুৱাই গৰু বিহু উদযাপন কৰা লগতে অন্যতম সাংস্কৃতিক-শৈক্ষিক স্বেচ্ছাসেৱী সংস্থা অভিযাত্ৰী কল্যাণ সমিতিৰ উদ্যোগত নাওবৈচা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মনোৰম প্ৰাকৃতিক পৰিবেশত মুকলি বিহু কঁহুৱা উদযাপন কৰে ।
বুধবাৰে নাওবৈচাবাসী ৰাইজে পৰম্পৰা অনুসৰি পুৱা নৈ-বিল আদিত গৰু গা ধুৱাই গৰু বিহু উদযাপন কৰা লগতে অন্যতম সাংস্কৃতিক-শৈক্ষিক স্বেচ্ছাসেৱী সংস্থা অভিযাত্ৰী কল্যাণ সমিতিৰ উদ্যোগত নাওবৈচা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মনোৰম প্ৰাকৃতিক পৰিবেশত মুকলি বিহু কঁহুৱা উদযাপন কৰে । প্ৰত্যেক বছৰৰ দৰে এই বছৰো গৰু বিহু দিনা উদযাপন কৰি অহা এই মুকলি বিহু 'কঁহুৱা'ই অঞ্চলবাসীক অনন্য মাত্ৰ প্ৰদান কৰিছে । কাৰ্যসূচী অনুসৰি বুধবাৰে পুৱা ১০ বজাত কঁহুৱা মুকলি বিহুৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি বলিন ৰাজখোৱাই। ১১.৩০ বজাত স্থানীয় শিল্পী আৰু বয়োজেষ্ঠ সকলৰ সম্বৰ্ধনা অনুস্থান অনুষ্ঠিত হয় । ১২.০০ বজাত স্থানীয় বয়োজেষ্ঠ্য সকলৰ দ্বাৰা বিহুৰে মুকলি বিহু শুভ উদ্বোধন কৰে । ১.০০ বজাৰ পৰা পৰম্পৰাগত টেকেলি ভঙা, ৰচী টনা,চকী খেল আৰু কণী যুজঁ খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে পিঠা পনা প্ৰতিযোগিতাও অনুষ্ঠিত হয় ।
একেদৰে বিয়লি ২.০০ বজাৰ পৰা আৰম্ভ হ’বলগীয়া বাৰে ৰহণীয়া সাংস্কৃতিক অনুষ্ঠানত কাৰেং জনগোষ্ঠীয় বিহু দলৰ বিহু প্ৰদৰ্শন কৰা হয়। উক্ত বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান উপস্থিত থাকে কাঞ্চনজঙ্ঘা বোলছবিৰ অভিনেত্ৰী জেৰিণা বৰুৱা আৰু অসমীয়া ধাৰাবাহিকৰ জনপ্ৰিয় অভিনেতা অনাবিল মহন্ত । আনহাতে কঁহুৱা মুকলি বিহুৰ লগত সংগতি ৰাখি এইবাৰ প্ৰথম বাৰৰ বাবে পৰম্পৰাগত সাজ-পাৰ পৰিধানৰ এক প্ৰতিযোগিতাও অনুষ্ঠিত কৰে। মুঠতে সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজতে এই মুকলি বিহু কঁহুৱা উদযাপন কৰে নাওবৈচাবাসীয়ে।
লগতে পঢ়কঃ কলগাছিয়াত অগ্নি নিৰ্বাপক সপ্তাহ পালন