বিহপুৰীয়া,25জুন : লখিমপুৰ জিলাৰ ধলপুৰত বিশেষ ভাৱে সক্ষম এগৰাকী ছাত্ৰই ভৰিৰে লিখি সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত কলা শাখাত প্ৰথম বিভাগত উৰ্ত্তীণ হ’বলৈ সক্ষম হৈছে ৷ সৌৰভ অধিকাৰী নামৰ পিতৃহীন ছাত্ৰ গৰাকীয়ে আৰ্থিক দুৰৱস্থাৰ লগতে শাৰিৰীক ভাৱে বাধাগ্ৰস্ত হৈও ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কলা শাখাত অধ্যয়ন কৰি অসমীয়াত লেটাৰ সহ প্ৰথম বিভাগত উৰ্ত্তীণ হ’বলৈ সক্ষম হয় ৷
হাতৰে নহয় ভৰিৰে লিখি প্ৰথম বিভাগত উত্তীৰ্ণ ধলপুৰৰ সৌৰৱ অধিকাৰী - শাৰীৰিক বাধাগ্ৰস্ততা
জন্মগতভাবে দুয়োখন হাত সম্পূৰ্ণ বিকল ছাত্র জনৰ। ফলত হাতৰ পৰিৱৰ্তে ভৰিৰে লিখি আহিছে ধলপুৰৰ চেন্টাৰৰ সৌৰৱ অধিকাৰী নামৰ ছাত্ৰ জনে আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত অসমীয়া বিষয়ত লেটাৰ মাৰ্ক সহ প্ৰথম বিভাগত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে।
হাতৰে নহয় ভৰিৰে লিখি প্ৰথম বিভাগত উৰ্ত্তীৰ্ণ ধলপুৰৰ সৌৰৱ অধিকাৰী
শাৰীৰিক বাধাগ্ৰস্ততা অথবা আৰ্থিক দুৰৱস্থা যে শিক্ষাত হেঙাৰ হ’ব নোৱাৰে তাৰেই প্ৰমাণ কৰি দেখুৱালে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ধলপুৰৰ এগৰাকী শাৰীৰিক ভাবে সক্ষম ছাত্ৰ সৌৰভ অধিকাৰীয়ে ।
লগতে পঢ়কঃ 454 নম্বৰৰে বাণিজ্য শাখাত সপ্তম স্থান দখল অৰিজিৎ সাহাৰ