লখিমপুৰ,2নৱেম্বৰঃ এটা সুন্দৰ পৰিৱেশত লখিমপুৰ জিলাৰ চেতিয়া গাঁৱৰ ৱাৰ্ড নং ৫ ৰ এইটো অংগনবাদী কেন্দ্ৰ । সমুখত এখন ফুলনি, সৰুকৈ কাষতে এখন পাচলিৰ বাগিছা । শিশুৰ মনোগ্ৰাহী সকলো খিনিয়েই আছে এইটো কেন্দ্ৰত। কেন্দ্ৰটোৰ ভিতৰত প্ৰতিখন দেৱালত আছে অসমীয়া লিপি,আছে মহৎ লোকৰ বাণী। লগতে আছে অসমীয়া সমাজত ব্যৱহৃত সকলো সজুলীৰ আৰ্হি । প্ৰায় ৩০ টি শিশু প্ৰায়েই আহে এই কেন্দ্ৰটোলৈ। ইংৰাজী মাধ্যমৰ প্লে স্কুল সমূহলৈ নিজৰ শিশুটিক নিনিয়াকৈ প্ৰতিজন অভিভাৱকে লৈ আনে এইটো অংগনবাদী কেন্দ্ৰলৈ । কাৰণ শিশুটিয়ে ইয়াত খেলাৰ লগতে পাই সৰুতেই অসমীয়া ভাষাৰ শিক্ষা। চাওক এই প্ৰতিবেদনঃ
এটা আটকধুনীয়া অংগনবাদী কেন্দ্ৰ - লখিমপুৰ জিলা
লখিমপুৰ জিলাৰ মাজ মজিয়াত থকা এটা অংগনবাদী কেন্দ্ৰ । কেন্দ্ৰটো দেখিলে আপুনিও ভাৱিব সঁচাকৈয়ে অসমীয়া মাধ্যমৰ অংগনবাদী কেন্দ্ৰই ফেৰ মাৰিব ইংৰাজী মাধ্যমক । জিলা শিক্ষা বিভাগৰ একাংশ কৰ্মী,ওচৰ চুবুৰীয়াৰ সহযোগত আটকধুনীয়া কৈ সজাই পৰাই শিশুৰ বাবে মনোগ্ৰাহী কৰি তুলিছে কেন্দ্ৰটো ।
একাংশ শিশুৰ সৈতে কেন্দ্ৰটোৰ অংগনবাদী কৰ্মী