অসম

assam

ETV Bharat / state

Assam short film awarded: পংকজ সভাপণ্ডিতৰ গল্পৰ আধাৰত নিৰ্মিত ছবিলৈ ৰাষ্ট্ৰীয় বঁটা - Mumbai film festival

লখিমপুৰৰ বিশিষ্ট কবি-সাহিত্যিক পংকজ সভাপণ্ডিতৰ গল্পৰ আধাৰত নিৰ্মিত ছবিলৈ ৰাষ্ট্ৰীয় বঁটা । মুম্বাইত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ চলচ্চিত্ৰ মহোৎসৱত চুটি ছবিৰ শ্ৰেষ্ঠ কাহিনীৰ সন্মান লাভ 'জীৱনৰ দৌৰ' নামৰ ছবিখনৰ (Assam short film awarded in Mumbai film festival) । ছবিখনৰ পৰিচালক হৈছে ত্ৰিদীপ ফুকন ।

Assam short film awarded in Mumbai film festival
পংকজ সভাপণ্ডিতৰ গল্পৰ আধাৰত নিৰ্মিত ছবিলৈ ৰাষ্ট্ৰীয় বঁটা

By

Published : Jan 30, 2023, 4:43 PM IST

পংকজ সভাপণ্ডিতৰ গল্পৰ আধাৰত নিৰ্মিত ছবিলৈ ৰাষ্ট্ৰীয় বঁটা

লখিমপুৰ,৩০ জানুৱাৰী: পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ সাংস্কৃতিক প্ৰতিভা । মুম্বাইত অনুষ্ঠিত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অসমৰ চুটি ছবিৰ শ্ৰেষ্ঠ কাহিনীৰ সন্মান লাভ (Assam short film awarded in Mumbai film festival) । 'জীৱনৰ দৌৰ' নামৰ ছবিখেন মুম্বাইত অনুষ্ঠিত এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ চলচ্চিত্ৰ মহোৎসৱত এই সন্মান লাভ কৰিছে ।

উল্লেখ্য, লখিমপুৰৰ স্বাস্থ্য বিভাগৰ কৰ্মচাৰী তথা কবি-সাহিত্যিক পংকজ সভাপণ্ডিতৰ অন্যতম গল্প 'জীৱনৰ দৌৰ'ৰ আধাৰত নিৰ্মাণ কৰা হৈছে এই ছবিখন (short film Jibonor Dour awarded as best story) । নিপোটল কাহিনী আৰু ইয়াৰ আবেদনময়ী প্ৰকাশৰ বাবে চুটি ছবিখনে ৰাষ্ট্ৰীয় পৰ্যায়ত এই শ্ৰেষ্ঠত্ব আঁজুৰি আনিবলৈ সক্ষম হৈছে (Mumbai film festival) ।

লখিমপুৰৰ জনপ্ৰিয় কবি তথা গল্পকাৰ পংকজ সভাপণ্ডিতৰ এটা গল্প 'জীৱনৰ দৌৰ'ৰ আধাৰত নিৰ্মিত চুটি ছবিখনে শেহতীয়াভাৱে অংশগ্ৰহণ কৰিছিল মুম্বাইত অনুষ্ঠিত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ Insignia Film Festival Season 4-ত । চলিত বৰ্ষৰ ২৮ জানুৱাৰীত মুম্বাইত অনুষ্ঠিত এই চলচ্চিত্ৰ মহোৎসৱত চুটি ছবিৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ কাহিনীৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ।

উল্লেখ্য, গুৱাহাটীৰ লিৰ্চাণ্ট প্ৰডাকচনে নিৰ্মাণ কৰা এই চুটি ছবিখনৰ পৰিচালক হৈছে ত্ৰিদীপ ফুকন । আনহাতে, প্ৰযোজক হৈছে এম পি ভূঞা আৰু এছ পি বৰুৱা । ইফালে চলচ্চিত্ৰখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰঞ্জন বৰা, লক্ষীপ্ৰিয়া আৰু শিশু শিল্পী পল গগৈয়ে । উল্লেখ্য যে দেশৰ বিভিন্ন ভাষাৰ ১৮৮ খন চুটি ছবিয়ে মুম্বাইত অনুষ্ঠিত এই চুটি ছবিৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল ।

জানিব পৰা মতে, অহা ১০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া কলকাতা চুটি ছবিৰ মহোৎসৱলৈও 'জীৱনৰ দৌৰ' ছবিখনে যোগ্যতা অৰ্জন কৰিছে । আনহাতে, পংকজ সভাপণ্ডিতৰ এই সাফল্যৰ বাবে লখিমপুৰৰ বৌদ্ধিক মহলে এইগৰাকী সাহিত্যিকলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে । উল্লেখ্য যে যোৱা ৮ জানুৱাৰী তাৰিখে পংকজ সভাপণ্ডিতৰ সম্পাদনাত লখিমপুৰৰ ১১০ জন কবিৰ ১৭৮ টা কবিতাৰে সমৃদ্ধ কাব্য সংকলন 'লখিমপুৰৰ কবিৰ কবিতা' প্ৰকাশ হৈছে ।

পংকজ সভাপণ্ডিতৰ জনপ্ৰিয় আন তিনিখন গ্ৰন্থ হৈছে কাব্যগ্ৰন্থ 'জীৱনৰ ৰং', গল্প সংকলন 'আকাশ চুবৰ মন' আৰু অসমৰ বৰেণ্য ব্যক্তিসকলৰ সাক্ষাৎকাৰমূলক গ্ৰন্থ 'মনৰ কথা জীৱনৰ কথা' । এইখিনিতে উল্লেখ কৰিব লাগিব যে মনৰ কথা জীৱনৰ কথা গ্ৰন্থখনত প্ৰতিথযশা সাহিত্যিক হোমেন বৰগোহাঞি, ডঃ নগেন শইকীয়া, বিশিষ্ট কবি নীলিম কুমাৰ, ইছমাইল হুছেইন, সমীৰ তাঁতী, বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী সূৰ্য হাজৰিকাকে আদি কৰি ১৬ জন বৰেণ্য ব্যক্তিৰ সাক্ষাৎকাৰ সন্নিবিষ্ট হৈছে ।

লগতে পঢ়ক:Veer Pangrao Award: ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটালৈ বীৰ পাংৰাও বঁটা

ABOUT THE AUTHOR

...view details