লখিমপুৰ, 28 এপ্ৰিল :শেহতীয়া পৰিস্থিতিৰ বুজ ল’বলৈ মঙলবাৰে লখিমপুৰত উপস্থিত হয় আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তআৰু মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ৷ জিলা উপায়ুক্তৰ কার্যালয়ৰ সভাগৃহত লখিমপুৰ আৰু ধেমাজি জিলাৰ চৰকাৰী বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এখন সভাত মিলিত হয় মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানে ।
মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ সাংবাদিকক সাক্ষাৎ কৰি জানিবলৈ দিয়ে যে,অৰুণাচল প্ৰদেশৰ পৰা লখিমপুৰলৈ অহা অসমৰ লোকসকলক চিনাক্ত কৰি ইতিমধ্যে কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰা হৈছে । একেদৰে গ্ৰামাঞ্চলৰ ব্যবসায়িক প্ৰতিষ্ঠানসমূহৰ ক্ষেত্ৰত শিথিলতাৰ ব্যবস্থা কৰা হৈছে যদিও নগৰাঞ্চলৰ ব্যবসায়িক প্ৰতিষ্ঠানৰ ক্ষেত্ৰত একেই নিষেধাজ্ঞা বাহাল ৰখা হ’ব ৷
লখিমপুৰত উপস্থিত আৰক্ষী সঞ্চালক প্ৰধান-মুখ্য সচিব - ৩ মে'ৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা
মঙলবাৰে লখিমপুৰত উপস্থিত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত আৰু মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ ৷ জিলা উপায়ুক্তৰ কার্যালয়ৰ সভাগৃহত লখিমপুৰ আৰু ধেমাজি জিলাৰ চৰকাৰী বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে সভাত মিলিত হোৱাৰ পিছত শেহতীয়া পৰিস্থিতি সন্দৰ্ভত সাংবাদিকৰ সৈতে সাক্ষাৎ গ্ৰহণ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ ৷ অৰুণাচলৰ পৰা লখিমপুৰলৈ অহা অসমৰ লোকসকলক চিনাক্ত কৰি ইতিমধ্যে কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে ৷ লগতে লক ডাউনৰ সময়ত ৰাইজক উচিত সেৱা আৰু কতৰ্ব্য পালন কৰিবলৈ ধেমাজিৰ উচ্চপদস্থ আৰক্ষী বিষয়াসকলক আহ্বান জনায় আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ৷
লখিমপুৰত উপস্থিত আৰক্ষী সঞ্চালক প্ৰধান-মুখ্য সচিব
লগতে পঢ়ক : আই এছ বি টিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী
Last Updated : May 1, 2020, 9:44 AM IST