বিহপুৰীয়া, 22 এপ্ৰিল :"ভাৰতীয় কংগ্ৰেছ কমিটীৰ হৈ তাৰিক অনোৱাৰে অংকিতা দত্তক ছয়বছৰৰ কাৰণে দলৰ প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ কৰিছে । অংকিতাক মই মোৰ ফালৰ পৰা পূৰ্ণ সমৰ্থন আগবঢ়াম বুলি কোৱাৰ পিচতো তাই আইনৰ কাষ চাপিলে (Angkita Dutta Row update)। তেওঁ এতিয়া দলত নাই আৰু তাই আইনৰ কাষ চাপিল গতিকে এতিয়া আইনে বিচাৰ কৰিব ।’’ অংকিতা দত্তক বহিস্কাৰৰ পাচতে এই মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (Angkita Dutta expelled from Party) ৷
তেওঁ লগতে কয়, ‘‘অংকিতাই মোৰ কথা নুশুনিলে, মুখ্যমন্ত্ৰীৰ কথা হে শুনিলে আৰু আইনৰ কাষ চাপিল । যি গৰাকী ছোৱালীয়ে নিশা মোক লগ কৰি মোক তেখেতৰ মেন্টৰ বুলি ক’লে আৰু ৰাতিপুৱালৈ মুখ্যমন্ত্ৰীৰ মতে কাম কৰিলে ।" যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিবাস বিভিৰ বিৰুদ্ধে অংকিতা দত্তই গোচৰ দাখিল কৰা সন্দৰ্ভত এইদৰে খেদ প্ৰকাশ কৰে ভূপেন বৰাই (APCC President Bhupen Bora reaction) ৷
সভাপতিগৰাকীয়ে আৰু কয়, "তেওঁ যি ছমাহ ধৰি নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে, যদিহে কথাবোৰ তেওঁ কোৱাৰ দৰেই হয়, তেনেহ’লে যোৱা ২৫ আৰু ২৭ ফেব্ৰুৱাৰীত মোক লগ পাওঁতে এই সন্দৰ্ভত কিয় একো নক’লে ? আমি সুবিচাৰ দিম বুলি কৈছিলো, নিশাটোৰ ভিতৰতে সলনি হ’ল অংকিতা । আমি অংকিতাক সমৰ্থন কৰিছিলো, তেওঁ আইনৰ ওচৰলৈ গ’ল । এতিয়া সমগ্ৰ বিষয়টো আইনৰ মতে হ’ব ৷’’
ইফালে এই ঘটনাৰ পিচত অংকিতাক সমৰ্থন কৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালচোনা কৰি ভূপেন বৰাই পুনৰ কয়, ‘‘এটা কেচত মুখ্যমন্ত্ৰীয়ে দুয়োফালেই উকীল হ’ব বিচাৰিছে ৷ ইয়াৰ পৰিণতি কি হ’ব আপোনালোকেও জানে ৷ আমি দলৰ ভিতৰতে কেচটো সমাধা কৰিম বুলি ভাবিছিলো ৷" লগতে সভাপতিগৰাকীয়ে অংকিতা দত্ত সন্দৰ্ভত আৰু প্ৰশ্ন নুসুধিবলৈ সংবাদ মাধ্যমক অনুৰোধ জনাই (Bhupen Bora slams Assam CM)।