অসম

assam

ETV Bharat / state

১,০০০ দৰিদ্ৰ পৰিয়াললৈ আমছুৰ সামগ্ৰী বিতৰণ - আমিনুৰ ৰহমান

নাওবৈচাত ১০০০ দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ লখিমপুৰ আমছুৰ ।

১,০০০ দৰিদ্ৰ পৰিয়ালৰ মাজত সামগ্ৰী বিতৰণ
আমছুৰ সামগ্ৰী বিতৰণ

By

Published : May 21, 2020, 9:51 AM IST

নাওবৈচা, ২1 মেঃ মহামাৰী কৰ’ণা ভাইৰাছ ৰোধৰ বাবে দেশত চৰ্তুথ পযাৰ্য়ৰ লক ডাউন অব্যাহত আছে । লক ডাউনৰ এই সময়ছোৱাত আৰ্তজনৰ কাষত থিয় দিছে বহু সহৃদয়ৱান লোকৰ লগতে বহু দল সংগঠন । চৌদিশ স্থবিৰ হৈ পৰা এই সময়ছোৱাত লখিমপুৰ জিলা নাওবৈচাৰ ভিতৰুৱা অঞ্চলৰ বহু দৰিদ্ৰ পৰিয়াল অসুবিধাৰ সন্মুখীন হৈছে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী সংগ্ৰহৰ ক্ষেত্ৰত ।

আমছুৰ সামগ্ৰী বিতৰণ

আনহাতে লক ডাউনৰ লগতে নাওবৈচাত পবিত্ৰ ৰমজানৰ ৰোজাৰ শেষ মূহুৰ্তত আৰু ঈদ উল ফিতৰৰ প্ৰাকক্ষণত লখিমপুৰ জিলা আমছুয়ে দুখীয়া দৰিদ্ৰ এহেজাৰ পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ এটাকৈ টোপোলা প্ৰতিটো আঞ্চলিক সমিতিৰ কৰ্মকৰ্তাৰ যোগেদি ঘৰে ঘৰে গৈ বিতৰণ কৰাৰ ব্যবস্থা কৰিছে । বিতৰণ কাৰ্যসূচীৰ নেতৃত্ব বহন কৰিছে আমছুৰ উপদেষ্টা আজিজুৰ ৰহমান, জিলা সভাপতি আমিনুৰ ৰহমান আৰু সাধাৰণ সম্পাদক বদিউৰ ৰহমানে । এনে বিপযৰ্য়ৰ সময়ত ৰাইজক কিছু পৰিমানে সকাহ দিয়াৰ বাবে গ্ৰহণ কৰা কাৰ্যসূচীৰ স্থানীয় ৰাইজে শলাগ লৈছে ৷

লগতে পঢ়কঃ কণিষ্ঠ চিকিৎসকৰ ফেচবুক পোষ্টৰ প্ৰতিক্ৰিয়া আয়ুৰ্বেদিক মহাবিদ্যালয় কৰ্তৃপক্ষৰ

ABOUT THE AUTHOR

...view details