বিহপুৰীয়া, ৩০ আগষ্ট :ৰাজ্য়ৰ বিভিন্ন ঠাইত নাৰী নিৰ্যাতনৰ ঘটনা অভাৱনীয়ভাৱে বৃদ্ধি পাবলৈ ধৰিছে । ইয়াৰ বিৰুদ্ধে উঠিছে প্ৰতিবাদৰ ঢৌ । সততে নাৰী নিৰ্যাতনৰ ঘটনাৰ বিষয়ে চৰ্চা হৈ থকাৰ মাজতে এইবাৰ এগৰাকী পত্নীয়ে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰি আহত কৰিলে স্বামীক । পত্নীৰ নিৰ্যাতন সহিব নোৱাৰি হুকহুকাই কান্দিছে স্বামীয়ে । এই ঘটনা সংঘটনা হৈছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰত ৷
নাৰায়ণপুৰৰ ধলপুৰ সৰু কাঠনিৰ হেমন্ত নেওগৰ সৈতে দহ বছৰৰ পূৰ্বে প্ৰেমসূত্ৰে বিবাহ পাশত আৱদ্ধ হৈছিল এগৰাকী যুৱতী ৷ এটি পুত্ৰ সন্তানৰ মাতৃ গৰাকীয়ে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলায় আহিছে স্বামী হেমন্তৰ ওপৰত । যিকোনো সময়ত কেৱল ধন দাবী কৰে স্বামীক। ধন নিদিলেই মাৰপিট কৰাৰ অভিযোগ মহিলাগৰাকীৰ স্বামী,পৰিয়াল তথা ওচৰ চুবুৰীয়াৰ ।
সুৰাৰ নিচাত মাতাল হৈ স্বামীৰ ওপৰত দাদাগিৰি কৰাৰ অভিযোগ উত্থাপিত । অসহায় হেমন্ত নেওগে কয় যে একমাত্ৰ সন্তানটোৰ মুখলে চাই সদায় ধৈৰ্য্য ধৰি আহিছে । আইনৰ ভয় দেখুৱাই স্বামী হেমন্ত নেওগৰ ওপৰত অত্যাচাৰ চলায় পত্নীয়ে । কালি সন্ধিয়াও সামান্য কথাতে মহিলাগৰাকীয়ে স্বামীক পদুলিমুখতে আঠুকঢ়োৱাৰ লগতে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে ৷