বিহপুৰীয়া,25 এপ্ৰিল : মহামাৰী ক’ৰণাই এতিয়া সমগ্ৰ দেশজুৰি কালৰূপ ধাৰণ কৰিছে ৷ তাৰ মাজতে তীব্ৰ আৰ্থিক দৈন্যতাৰ সন্মুখীন হৈছে একাংশ দৰিদ্ৰ আৰু ৰোগীয়ালোক ৷ তেনে এক ঘটনাই পোহৰলৈ আহিছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰত ৷ মহামাৰী ক'ৰণাৰ দ্ৰুত সংক্ৰমনৰ মাজতে কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাৰ অভাৱত বিগত এমাহ ধৰি নিজ ঘৰৰ বিছনাত চটফতাই আছে কল্পনা শইকীয়া নামৰ এগৰাকী দুৰ্ভগীয়া মহিলাই ৷ ইতিমধ্যে স্থানীয় চিকিৎসালয়ৰ উপৰি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰিও কোনো সুফল লাভ কৰা নাই মহিলা গৰাকীয়ে । যাৰ ফলত মহিলা গৰাকীৰ স্বামী এতিয়া অসহায় হৈ পৰিছে চিকিৎসা কৰাৰ ক্ষেত্ৰত ৷
উল্লেখযোগ্য যে, অতিকৈ দৰিদ্ৰ পৰিয়ালটিৰ ঘৰৰ ভেটিটোৰ বাদে আৰু একো নাই । আনৰ ঘৰত দিন হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দি অহা স্বামী বিপুল শইকীয়াও সম্প্ৰতি অসুস্থ হৈ পৰিছে । ইফালে মহামাৰী ক'ৰণাৰ বাবে ক্ৰমে অপ্ৰাসংগিক হৈ পৰিছে আন ৰোগী সকলৰ চিকিৎসা । ফলত চিকিৎসা অবিহনে নিজ গৃহৰ বিছনাত চতফতাই থাকিব লগা হৈছে মহিলা গৰাকীয়ে । উপায়ন্তৰ হৈ অৱশেষত দুৰ্ভগীয়া স্বামী বিপুলে চিকিৎসাৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰ তথা কোনো হৃদয়বান লোকৰ সহায় বিচাৰি কাতৰ আহ্বান জনাইছে ।