বানাক্ৰান্তৰ পৰা ধন সংগ্ৰহ কৰি বিপদত গাঁওবুঢ়া
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ লখিমপুৰতো বানে চলাইছে সন্ত্ৰাস । এই বানক উজুহাত দেখুৱাই একাংশ লোকে এতিয়া আৰম্ভ কৰিছে দুৰ্নীতি ।
লখিমপুৰ, ১৮জুলাই: ভয়ংকৰ বানত ডুব গৈছে লখিমপুৰ। এই বানৰ বাবে নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বনপুৰৈ-জামুগুৰিত লাট গাওঁবুঢ়াই বানপীড়িত পৰিয়ালক চৰকাৰে যোগান ধৰা টিৰ্পাল বিতৰণ কৰিবলৈ গৈ প্ৰতিটো পৰিয়ালৰ পৰা সংগ্ৰহ কৰিলে বিশ টকাকৈ। বান সাহায্য বিতৰণৰ নামত গাঁওবুঢ়া চন্দ্ৰশ্বৰ হাজৰিকাই ধন সংগ্ৰহ কৰা ঘটনাক কেন্দ্ৰ কৰি বনপুৰৈ-জামুগুৰিত সৃষ্টি হয় উত্তেজনাৰ। অঞ্চলটোৰ ছাত্ৰ সন্থাৰ কেইজনমান সদস্যই এই ঘটনাৰ বিৰোধিতা কৰাৰ পাছতেই গাঁওবুঢ়াৰ লগত তৰ্ক যুদ্ধত লিপ্ত হয় বানাক্ৰান্তসকল ৷ শেষত নিজৰ ভুল স্বীকাৰ কৰি গাঁওবুঢ়াই সংগ্ৰহ কৰা ধন ঘুৰাই দিয়ে সকলোকে।