অসম

assam

By

Published : Nov 28, 2020, 5:38 PM IST

ETV Bharat / state

ভীমবৰ দেউৰীৰ ৭৩ সংখ্যক স্মৃতি দিৱস: উপস্থিত থাকিব মুখ্যমন্ত্ৰী সোণোৱাল

ভীমবৰ দেউৰীৰ ৭৩ সংখ্যক স্মৃতি দিৱসটি অহা ৩০ নৱেম্বৰত নাৰায়ণপুৰত আয়োজনৰ প্ৰস্তুতি চলোৱা হৈছে ৷ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল লগতে অসম চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী বিধায়ক ৷

73th Memorial Day of Bhimbar Deori
ভীমবৰ দেউৰীৰ ৭৩ সংখ্যক স্মৃতি দিৱস

বিহপুৰীয়া, 28 নৱেম্বৰঃঅসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু লখিমপুৰ জিলা প্ৰশাসন, দেউৰী স্বায়ত্ত শাসিত পৰিষদ আৰু সদৌ দেউৰী ছাত্ৰ সন্থাৰ সহযোগত ভীমবৰ দেউৰীৰ ৭৩ সংখ্যক স্মৃতি দিৱসটি অহা ৩০ নৱেম্বৰত নাৰায়ণপুৰত আয়োজনৰ প্ৰস্তুতি চলোৱা হৈছে ৷ ইতিমধ্যে নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠানটি আয়োজনৰ সকলো প্ৰস্তুতি আৰম্ভ কৰা হৈছে ৷

ভীমবৰ দেউৰীৰ ৭৩ সংখ্যক স্মৃতি দিৱস

এই উপলক্ষে গ্ৰহণ কৰা কাৰ্যসূচীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্রী নৱ কুমাৰ দলে, সাংসদ পল্লৱলোচন দাস আৰু প্ৰদান বৰুৱা ৷ ইফালে, অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰী, গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা আৰু স্থানীয় বিধায়ক দেবানন্দ হাজৰিকা উপস্থিত থাকিব ।

লগতে পঢ়কঃ গগৈ বনাম মহন্তঃ কোনে দিছিল অসমৰ অৰ্থনীতিক নতুন গতি ?

ABOUT THE AUTHOR

...view details