অসম

assam

ETV Bharat / state

Assam Sahitya Sabha : নাৰায়ণপুৰ অধিবেশনৰ দ্বিতীয় দিন, উদুলি-মুদুলি মণিকাঞ্চন ক্ষেত্ৰ - Asam Sahitya Sabha Narayanpur conference

৩১ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম দ্বিবাৰ্ষিক নাৰায়ণপুৰ অধিবেশন (Assam Sahitya Sabha Narayanpur session) । ইতিমধ্যে প্ৰথম দিনৰ কাৰ্যসূচীৰ সফল সামৰণিৰ পিছত দ্বিতীয় দিনৰ কাৰ্যসূচীতো মণিকাঞ্চন ক্ষেত্ৰত উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰিছে । সাহিত্যপ্ৰেমীৰ পাৰভঙা উছাহত নাৰায়ণপুৰত এতিয়া মণিকাঞ্চন সংযোগ ।

Narayanpur
Narayanpur

By

Published : Feb 1, 2023, 1:23 PM IST

অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিবেশনৰ দ্বিতীয় দিন

বিহপুৰীয়া, 1 ফেব্ৰুৱাৰী : অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম দ্বিবাৰ্ষিক নাৰায়ণপুৰ অধিবেশনৰ আজি দ্বিতীয় দিন (Assam Sahitya Sabha Narayanpur session) । মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ এই পূৰ্ণাংগ অধিবেশনৰ দ্বিতীয়দিনাও পুৱাৰে পৰা উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰিছে (2nd day of narayanpur sahitya sabha) । বুধবাৰে পুৱাৰে পৰা হাজাৰ হাজাৰ সাহিত্যানুৰাগীৰে ভৰি পৰিছে নাৰায়ণপুৰৰ বৰখামটি পথাৰৰ মণিকাঞ্চন ক্ষেত্ৰ (Narayanpur Monikanchan Khyetra) ।

আজিৰ কাৰ্যসূচী অনুসৰি পুৱা ৮.৪৫ বজাত অসম সাহিত্য সভাৰ বিদায়ী সভাপতি কুলধৰ শইকীয়াই অসম সাহিত্য সভাৰ মূল পতাকা উত্তোলন কৰে । আনহাতে, ইয়াৰ সমান্তৰালকৈ আন ৭৫ খন পতাকাও উত্তোলন কৰে বিভিন্ন বিশিষ্ট ব্যক্তিয়ে । অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰি অসমৰ জাতীয় সংগীতটি অসমীয়া, দেউৰী আৰু খামটি ভাষাত পৰিবেশন কৰা হয় । তাৰ উপৰি গায়ন-বায়ন, ঢোলবাদন আৰু চালি নৃত্যও পৰিবেশন কৰা হয় । ইয়াৰ পিছতে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক প্ৰশান্ত দত্তই শ্বহীদ তৰ্পণ কৰে । ইয়াৰ পিছৰ স্মৃতি তৰ্পণ অনুষ্ঠানত মুখ্য তৰ্পক হিচাপে স্মৃতি সূৰ্য গোলোক হাজৰিকা আৰু তৰ্পক হিচাপে বিশিষ্ট নাট্যকাৰ চৈয়দ নাজিম আহমেদ উপস্থিত থাকে ।

উল্লেখ্য যে ৩১ জানুৱাৰী, মঙলবাৰৰ পৰা লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মণিকাঞ্চন ক্ষেত্ৰত পাঁচপাঁদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ অধিবেশন । ইতিমধ্যে প্ৰথম দিনটোতো মণিকাঞ্চন ক্ষেত্ৰত এক উখল-মাখল পৰিৱেশে বিৰাজ কৰে । ইফালে হাজাৰ হাজাৰ সাহিত্যানুৰাগীক আদৰিবলৈ আগবাঢ়ি আহিছে নাৰায়ণপুৰ তথা বিহপুৰীয়া সমষ্টিবাসী (Asam Sahitya Sabha Narayanpur conference) । আনহাতে, অধিবেশন উপলক্ষে নকৈ সজাই-পৰাই তোলা হৈছে সমগ্ৰ নাৰায়ণপুৰক ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আগমন ঘটিছে সাহিত্য সভাৰ প্ৰতিনিধি তথা অতিথি । তেওঁলোকক আদৰিবলৈ সৰ্বতোপ্ৰকাৰে চেষ্টা চলাইছে আদৰণী সমিতিয়ে (Preparation completed for Assam Sahitya Sabha) ৷ অতিথিসকলৰ যাতে কোনো ক্ষেত্ৰতে অসুবিধা নহয়, তাৰ প্ৰতিও বিশেষ দৃষ্টি ৰাখিছে প্ৰতিখন উপ-সমিতিয়ে (Assam Sahitya Sabha Narayanpur) ৷

উল্লেখ্য যে বিভিন্ন বিতৰ্ক আৰু তীব্ৰ আৰ্থিক সংকটৰ মাজত ককবকাই থকা অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিবেশনৰ বাবে ৬ কোটি ৬০ লাখ টকা বাজেট নিৰ্ধাৰণ কৰা হৈছে । এই অধিবেশন উপলক্ষে ৭০০ পৃষ্ঠাজোৰা স্মৃতিগ্ৰন্থৰ কামো সম্পূৰ্ণ হৈ উঠিছে । আনহাতে, অধিবেশনলৈ আহিবলগা অতিথি তথা প্ৰতিনিধি, অধিবেশনৰ বিভিন্ন দায়িত্বত থকা লোকসকল আৰু আদৰণী সমিতিৰ বিষয়ববীয়াসকলে আহাৰ গ্ৰহণ কৰিব পৰাকৈ দুটাকৈ ভোজনালয় নিৰ্মাণ কৰা হৈছে ৷ প্ৰত্যেকটো ভোজনালয়তে এহেজাৰকৈ সৰ্বমুঠ দুই হাজাৰ লোকে একেলগে আহাৰ গ্ৰহণ কৰাৰ ব্যৱস্থা কৰা হৈছে । তাৰ বাবে সম্পূৰ্ণভাৱে আত্মনিয়োগ কৰিছে অধিবেশনৰ আদৰণী সমিতিৰ খাদ্য উপ সমিতিয়ে ।

ইফালে অধিবেশনৰ প্ৰাকক্ষণত সোমবাৰে সাহিত্য সভাৰ আদৰণী সমিতি আৰু স্থানীয় লোকৰ দ্বাৰা নাৰায়ণপুৰ ৪ নম্বৰ ৱাৰ্ডত স্থাপন কৰা হৈছে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি (Assam Sahitya Sabha first president), সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ আৱক্ষ মূৰ্তি (Padmanath Gohain Baruah) ।

এই মূৰ্তিটো উন্মোচন কৰে আদৰণী সমিতিৰ সভাপতি তথা বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাই । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পদ্মনাথ গোহাঞি বৰুৱাৰ দুই নাতি তথা অসম উচ্চ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঞি বৰুৱা আৰু বিশিষ্ট গিটাৰিষ্ট সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱা ।

লগতে পঢ়ক :Assam Sahitya Sabha: আজিৰে পৰা আৰম্ভ হ’ব অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিবেশন

ABOUT THE AUTHOR

...view details