কোকৰাঝাৰ,২০ এপ্ৰিলঃ কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত বালাগাঁও বাঙালীপাৰাত সোমবাৰে পুৱা এগৰাকী মহিলাই পুজাগৃহত আত্মহত্যা কৰা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলজুৰি । ডিঙিত চীপ লৈ আত্মহত্যা কৰা মহিলাগৰাকী সন্তোষ সোণাৰৰ পত্নী অঞ্জনা সোণাৰ ।
মহিলা গৰাকীৰ স্বামী সন্তোষ সোণাৰৰ ভাষ্য অনুসৰি,সোমবাৰে পুৱা অঞ্জনা সোণাৰে টোপনিৰ পৰা উঠি অলপ সময় ইফাল-সিফাল কৰাৰ পিছতে সন্ধানহীন হয় ঘৰৰ পৰা। ঘৰলৈ বহু সময় ধৰি উভতি নহাত নদীত কাপোৰ ধুবলৈ যোৱা বুলি সন্দেহ কৰি নদীৰ ঘাটলৈ বিচাৰি যায় স্বামী সন্তোষ সোণাৰে । কিন্তু তাত বিচাৰি নাপালে পত্নী অঞ্জনা সোণাৰক। তাৰ কিছু সময় পাচতে নিজ বাসগৃহৰ পূজাগৃহত অঞ্জনা সোণাৰৰ মৃতদেহ চীপজৰী লগোৱা অৱস্থাত উদ্ধাৰ হয় ।