অসম

assam

ETV Bharat / state

বিটিচিৰ মচনদত কোন বহিব ? - হাঁড় কপোৱা শীত

বিধানসভা নিৰ্বাচনৰ পূৰ্বে ছেমিফাইনেলত পৰিণত হৈছে বিটিচি নিৰ্বাচন ৷ বহুকেইটা দলৰ ভৱিষ্যৎ নিৰ্ভৰ কৰিব এই নিৰ্বাচনে ৷ হাগ্ৰামা মহিলাৰীৰ ৰাজনৈতিক ভৱিষ্যতৰ ওপৰতো প্ৰভাৱ পেলাব বিটিচি নিৰ্বাচনে ৷ বিজেপি-বিপিএফৰ মিত্ৰতা ৰ’ব গৈ নে ! প্ৰমোদ বড়োৰ পৰিৱৰ্তনৰ শ্ল’গান কিমান কাৰ্যক্ষম হ’ব ? নৱ শৰ্ণীয়াৰ গণ সুৰক্ষা পাৰ্টী অথবা কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাই মচনদ দখল কৰিব পাৰিব নে ! বিজেপিৰ নিৰ্বাচনী অংকই কিমান কামত আহিব বড়ো ভূমিত ? বিটিচি নিৰ্বাচন সম্পৰ্কত এক চমু অৱলোকন ৷

বিটিচিৰ মচনদত কোন বহিব ?
বিটিচিৰ মচনদত কোন বহিব ?

By

Published : Dec 7, 2020, 9:19 PM IST

Updated : Dec 8, 2020, 3:25 PM IST

নিউজ ডেস্ক,7 ডিচেম্বৰ : ডিচেম্বৰৰ হাঁড় কপোৱা শীতকো চেৰ পেলাই বিটিচিত প্ৰৱল বেগত বলিছে নিৰ্বাচনী গৰম বতাহজাক ৷ এই নিৰ্বাচন বিটিচি বাসীৰ বাবে, ৰাজনৈতিক দল সমূহৰ বাবে আৰু ৰাজ্যৰ ৰাজনীতিৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ ৷ কাৰণ সকলোৰে মনত এটাই জল্পনা কল্পনা চলিছে, বিটিচিৰ গাদীত পুনৰ হাগ্ৰামা মহিলাৰীয়েই বহিব নে নতুন মুখ দেখিবলৈ পোৱা যাব ৷ বিটিচিৰ মুৰব্বী আসনৰ অন্যতম দাবীদাৰ আছিল নিখিল বড়ো ছাত্ৰসন্থা চমুকৈ এবছুৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ ইউ পি পি এল দল সভাপতি প্ৰমোদ বড়ো ৷ ইয়াৰ লগতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ তথা গণ সুৰক্ষা পাৰ্টীৰ সভাপতি নৱ কুমাৰ শৰণীয়াও হৈছে বিটিচি মচনদৰ প্ৰৱল দাবীদাৰ ৷

প্ৰথমাৱস্থাত হাগ্ৰামা মহিলাৰীৰ দল বিপিএফ আৰু প্ৰমোদ বড়োৰ ইউপিপিএল দলৰ মাজতেই মূল নিৰ্বাচনী যুঁজখন হ’ব বুলি ধাৰণা কৰা হৈছিল যদিও বৰ্তমান প্ৰেক্ষাপট কিছু সলনি হৈছে ৷ প্ৰেক্ষাপট সলনি কৰিছে বিধানসভা আৰু লোকসভাত বিপিএফৰ সৈতে মিত্ৰতাৰ জৰীৰে বান্ধ খাই থকা বিজেপিয়ে ৷ কহানী মে’ টুইষ্টলৈআহিল বিজেপিয়ে ৷ হঠাৎ ধুমুহাৰ দৰে বিটিচি লৈ সোমাই পৰিল বিজেপি ৷ যাৰ ফলত যেন ৰাজপাট দখলৰ অংকত কোনোবাখিনিত আউল লাগিল বিপিএফ আৰু ইউপিপিএলৰ ৷ নৱ শৰণীয়াৰ দলক ফেক্টৰ হিচাপে ল’ব খোজা নাই কোনোটো দলেই ৷

বিটিচিত বিজেপিৰ প্ৰৱেশ ইমানেই তীব্ৰতৰ হৈ পৰিল যে দীৰ্ঘ দিনীয়া ৰাজনৈতিক মিত্ৰতা নিমিষতেই ভাগি চূড়মাৰ হৈ গ’ল ৷ একেখন পাততে বহি খোৱা বিজেপি আৰু বিপিএফ উভয়েই উভয়ৰ বাবে হৈ পৰিল চকুৰ কুটা দাঁতৰ শাল ৷ ইয়াৰ মাজতে বিপিএফৰ জ্যেষ্ঠ নেতা বিশ্বজিৎ দৈমাৰী আৰু তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰীৰ বিজেপি গমনে বিপিএফৰ শিৱিৰত মোক্ষম আঘাত হানে ৷ দুয়োটা দলৰ ৰাজনৈতিক সংঘাত ইমানেই তীব্ৰতৰ হৈ পৰিল যে, এটা দলৰ নেতাই আনটো দলৰ নেতাক চোৰ-ডকাইত, শিয়াল-মেকুৰীৰ সৈতে তুলনা কৰিবলৈও কুণ্ঠাবোধ নকৰা হ’ল ৷ আনকি দেওবাৰে বিপিএফ দলৰেই বিজনী বিধানসভা সমষ্টিৰ বিধায়ক কমল সিং নাৰ্জাৰীয়ে বটদ্ৰৱা সমষ্টিৰ বিজেপি বিধায়িকা আঙুৰলতা ডেকাক উদ্দেশ্যি এক অশালীন মন্তব্য কৰে ৷

বিজেপিৰ প্ৰৱল প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিটিচি নিৰ্বাচনক লৈ যথেষ্ট তৎপৰ হোৱা দেখা গৈছে ৷ হিমন্ত বিশ্ব শৰ্মা সোচ্চাৰ হৈ পৰিছে প্ৰাক্তন বিটিচি প্ৰধান তথা বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে ৷ বিভিন্ন নিৰ্বাচনী সভাত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে বিগত সোতৰ বছৰে হাগ্ৰামাই ভয়ানকভাৱে দুৰ্নীতি সংঘটিত কৰিছে বিটিচিত ৷ এইবাৰ বিটিচিত পৰিষদ গঠন কৰি এই সকলো দুৰ্নীতিৰ হিচাপ নিকাজ কৰা হ’ব বুলি হাগ্ৰামাক এক প্ৰকাৰ প্ৰত্যাহ্বান জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ আনকি বিপিএফৰ দুৰ্নীতিগ্ৰস্ত নেতা-পালিনেতাক কাৰাগাৰলৈ নিক্ষেপ কৰাৰ কথাও উল্লেখ কৰিছে মন্ত্ৰী শৰ্মাই ৷ আনহাতে, সহজে হাৰ মনা ভকত নহয় হাগ্ৰামাও ৷ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিটো অভিযোগৰ প্ৰত্যুত্তৰ দি গৈছে হাগ্ৰামাই ৷ তেওঁৰ ওপৰত আৰোপ কৰা দুৰ্নীতিৰ অভিযোগ সন্দৰ্ভত হিমন্ত বিশ্বৰ গালৈকে দোষ ঠেলিছে হাগ্ৰামাই ৷ মেকুৰীৰ দৰে হাগ্ৰামা মহিলাৰীয়ে বিটিচি উন্নয়নৰ ধন গ্ৰাস কৰা বুলি হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ বিপৰীতে হাগ্ৰামা মহিলাৰীয়ে কয় য়ে, কেন্দ্ৰৰ পৰা আৱন্টিত ধনৰ এটা অংশ ডকাইতৰ দৰে হিমন্ত বিশ্ব শৰ্মাই ৷

কেৱল হাগ্ৰামা মহিলাৰী অথবা হিমন্ত বিশ্ব শৰ্মাৰ মাজতেই যে এই যুঁজ চলি আছে তেনে নহয় ৷ বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাস, বিধায়িকা আঙুৰলতা ডেকা, বিপিএফৰ বিধায়ক তথা মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু প্ৰমিলাৰাণী ব্ৰহ্মও নামি পৰিছে বোকা চটিওৱা ৰাজনীতিত ৷ পাৰ্যমানে দুয়াটো দলে ইটোৱে সিটোক ইতিকিং তুচ্ছ তাচিল্য়ৰে থকা সৰকা কৰাত লাগি পৰিছে ৷ আঙুৰলতা ডেকাই হাগ্ৰামা মহিলাৰীক তুলনা কৰিছে বকাসুৰৰ সৈতে ৷ দুয়াটো দলৰ মাজত চলা এই যুঁজৰ লাভ উঠাইছে কিন্তু প্ৰমোদ বড়োৰ দল ইউপিপিএলে ৷ হিমন্ত বিশ্ব শৰ্মাৰ সুৰতেই সুৰ মিলাই হাগ্ৰামাক দুৰ্নীতিৰ সদাগৰ সজোৱাৰ চেষ্টা চলাইছে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে ৷ দুয়ো দলৰ যুঁজৰ মাজে মাজে গৈ হয়তো ৰাজপাটত উঠাৰ পৰিকল্পনাও পুহি ৰাখিছে প্ৰমোদ বড়োৱে ৷

আনহাতে দেখা গৈছে যে, বিটিচি নিৰ্বাচনৰ বাবে বদৰুদ্দিন আজমলৰ সৈতে হাত মিলাইছে কংগ্ৰেছ দলে ৷ কিন্তু কংগ্ৰেছ আৰু বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফ দল কিমান সফল হয় সেয়া এতিয়াই কৈ দিব পৰা নাযায় ৷ ৰিপুন বৰা অথবা বদৰুদ্দিন আজমলে বিজেপি-বিপিএফৰ বিৰুদ্ধে বিভিন্ন অভিযোগেৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে যদিও আপাতঃদৃষ্টিতেই এইটো পৰিষ্ফূট হয় যে, দুয়োটা দলৰে বিটিচিত জনপ্ৰিয়তা কম ৷ কেৱল সংখ্যালঘু ভোটাৰেৰে এই নিৰ্বাচন জিকাটো মুঠেও সম্ভৱ হ’ব নোৱাৰে ৷

সোমবাৰে অনুষ্ঠিত হোৱা বিটিচিৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ 21 খন আসনৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াই মুঠ 130 গৰাকী প্ৰাৰ্থীয়ে ৷ বিটিচিৰ মুঠ আসনৰ সংখ্যা হৈছে 46 খন ৷ ইয়াৰে 40 খন আসনৰ বাবে প্ৰাৰ্থী নিৰ্বাচনৰ জৰিয়তে বাচনি কৰা হয় আৰু 6 গৰাকী সদস্য ৰাজ্যপালে মনোনীত কৰে ৷ দেখা গৈছে যে এইবাৰৰ বিটিচি নিৰ্বাচনত বিজেপিয়ে মুঠ 27 খন আসনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷ ইয়াৰ ভিতৰত ৰণজিৎ দাসে দাবী কৰা মতে বাক্সা আৰু ওদালগুৰিৰ পৰা ১৫ খন আসন লাভ কৰিব বিজেপিয়ে । আনহাতে চিৰাং আৰু কোকৰাঝাৰত বিজেপিয়ে লাভ কৰিব 6 খন আসন । দলটোৰ নেতৃত্বই দাবী কৰা অনুসৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰি পৰিষদ গঠন কৰিব ৷ আনহাতে বিপিএফৰ দাবী অনুসৰি 30 খনতকৈ অধিক আসন লাভ কৰিব তেওঁলোকে ৷ হাগ্ৰামা মহিলাৰী, চন্দন ব্ৰহ্ম প্ৰতিজন নেতাই দাবী কৰিছে যে বিটিচিৰ ৰাইজে কেৱল বিপিএফকেই জয়ী কৰাব ৷

পৰিৱৰ্তন দৰকাৰ ইউপিপিএল চৰকাৰ শ্ল’গানেৰে ৰাইজৰ মাজলৈ অহা প্ৰমোদ বড়োও পিচ পৰি থকা নাই ৷ নিৰ্বাচনী অংক তেওঁও কৰিছে ৷ প্ৰমোদ বড়োৰ মতে ৰাইজে হাগ্ৰামাৰ শাসন ওফৰাই এইবাৰ পৰিৱৰ্তনৰ স্বাৰ্থত ইউপিপিএলক আদৰি ল’ব ৷ নৱ শৰণীয়াৰ ৰাজনীতি কিছু পৃথক ৷ নিজৰ ভাগে শৰণীয়াইও ৰণনীতি তৈয়াৰ কৰি নামি পৰিছে ৰণত ৷

সোমবাৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হৈ সমাপ্ত হয় ৷ দলে বলে ৰাইজ ওলাই আহিল ভোট দিবলৈ ৷ বাক্সা জিলাত 79.55 আৰু ওদালগুৰি জিলাত 75.04 শতাংশ ভোট গ্ৰহণ হোৱা বুলি জানিব পৰা গৈছে ৷ নেতাই নিজ নিজ ভাগে চেষ্টা চলাইছে ভোটাৰক আকৃষ্ট কৰিবলৈ ৷ ৰাইজে কৰিছে পোৱা নোপোৱাৰ হিচাপ ৷ সকলো মিলাই মেলি ৰাইজে ভোট দিছে ৷ অহা 10 তাৰিখে চিৰাং আৰু কোকৰাঝাৰ জিলাত অনুষ্ঠিত হ’ব ভোট গ্ৰহণ ৷ 12 ডিচেম্বৰত ঘোষিত হ’ব লগীয়া ফলাফলে সকলো ছবি স্পষ্ট কৰি দিব ৷ ৰাইজে কি মত দিলে, কি বিচাৰিলে সকলোবোৰ চয়-নিশ্চ জানিব পৰা যাব সেই দিনাহে ৷

বাকী যি কি নহওক, বিটিচি নিৰ্বাচনে আগন্তক বিধান সভা নিৰ্বাচনৰ সাম্ভাৱ্য ৰেহৰূপৰ কিছু আভাস দিব ৷ ইতিমধ্যে বিজেপিয়ে ঘোষণা কৰিছে যে, বিধান সভা নিৰ্বাচনত বিটিচিৰ 12 খন আসনতে প্ৰাৰ্থী ঠিয় কৰাব তেওঁলোকে ৷ ইয়াৰ পৰা এটা কতা বুজা যায় যে, বিজেপি-বিপিএফৰ মিত্ৰতাৰ বেলি মাৰ যোৱাৰ দিশে ৷ আনহাতে, এই নিৰ্বাচনে বিজেপিৰ আন এক মিত্ৰদল অগপৰো ভৱিষ্যৎ নিৰ্ধাৰণ কৰিব ৷ আসন ভাগ-বাটোৱাৰাক লৈ ইতিমধ্যেই ভিতৰুৱাকৈ এক অস্থিৰতা আহি পৰিছে অগপ-বিজেপিৰ সম্পৰ্কত ৷ বিজেপিৰ সকলো সিদ্ধান্ত বিনাচৰ্তে মানি ল’ব খোজা নাই কেইবাজনো অগপ নেতাই ৷ এনে পৰিপ্ৰেক্ষিতত বিটিচিত যদি বিজেপি জয়ী হয়, তেন্তে বিধানসভা নিৰ্বাচনত অগপৰ সৈতে মিত্ৰতা অক্ষুন্ন থাকে নে নাই সেয়াও সন্দিহানত ৷ মুঠতে বিধানসভা নিৰ্বাচনৰ পূৰ্বে এইয়া ছেমিফাইনেত মেছলৈ পৰিণত হৈছে ৰাজ্যৰ ৰাজনৈতিক দল সমূহৰ বাবে ৷

লগতে পঢ়ক :জয়পুৰ বৰ্ষাৰণ্যত এনথাক্স ৰোগত আক্ৰান্ত হৈ তিনিদিনত দুটা হাতীৰ মৃত্যু

Last Updated : Dec 8, 2020, 3:25 PM IST

ABOUT THE AUTHOR

...view details