কোকৰাঝাৰ, ০২ অক্টোবৰ: গান্ধী জয়ন্তীৰ দিনটোতেই মহাাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ ৰোজগাৰ গেৰাণ্টি অধিনিয়ম,চমুকৈ MGNREGA অথবা জবকাৰ্ড কেলেংকাৰীক চিবিআই তদন্তৰ দাবীত UPPLৰ সদস্য সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
কোকৰাঝাৰত ইউপিপিএলৰ তীব্ৰ প্ৰতিবাদ - Mgnrega
MGNREGA আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত BPF য়ে ব্যাপক দুৰ্নীতিৰ অভিযোগ তুলি BTRৰ বিভিন্ন অঞ্চলত শুকুুৰবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
উল্লেখযোগ্য যে,UPPL দলৰ নেতৃত্বত শুকুুৰবাৰে বিটিআৰৰ বিভিন্ন অঞ্চলত দুৰ্নীতিৰ বিৰুদ্ধে এই প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে ।তাৰোপৰি, জবকাৰ্ড কেলেংকাৰী চিবিআই তদন্ত বিচাৰি,হিতাধিকাৰীক পাচবুক ঘূৰাই দিয়াৰ দাবীত শতাধিক UPPL প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লেকাৰ্ড লৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ।
ঠিক একেদৰে কোকৰাঝাৰৰ হুলটো গাঁৱতো প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী সকলে জবকাৰ্ড ঘূৰাই দিয়ক,দুৰ্নীতিত লিপ্ত ব্যক্তিক শাস্তি দিয়ক আদি বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তপ্ত কৰি তোলে প্ৰতিবাদকাৰী সকলে।
ইফালে উক্ত ধৰ্ণা কাৰ্যসূচীত উপস্থিত থাকে দেৱৰগাঁও পৰিষদীয় সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী বুদ্ধদেৱ মুছাহাৰী লগতে প্ৰাক্তন ৰাজ্যসভা সাংসদ ইউ জি ব্ৰহ্মই ।
প্ৰাক্তন ৰাজ্যসভা সাংসদ ইউ জি ব্ৰহ্ময়ে সাংবাদিকৰ আগত মন্তব্য কৰে যে দেশৰ এই বৃহৎ কেন্দ্ৰীয় আঁচনি ৰূপায়ণত বিপিএফৰ শাসনকালতে ব্যাপক কেলেংকাৰী হৈছে। যাৰ বাবে আজি পবিত্ৰ গান্ধী জয়ন্তী দিনা ধৰ্ণা ৰূপায়ণ কৰিবলগীয়া হৈছে ।