কোকৰাঝাৰ,২৫ ছেপ্টেম্বৰ:BTR ৰ শাসনাধিষ্ঠিত UPPL দল তথা BTR ৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ বিৰুদ্ধে ঠিকাদাৰৰ পৰা ২৫ শতাংশ কমিছন লোৱাকে ধৰি BTR ৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সভাপতি হাগ্ৰামা মহিলাৰীৰ খুলশালিয়েক তথা পাৰিষদ মুনমুন ব্ৰহ্মই অনা বিভিন্ন অভিযোগ খণ্ডন কৰিছে দলটোৱে(Allegations against Pramod Bodo) ৷ দেওবাৰে বিয়লি কোকৰাঝাৰ চহৰস্থিত UPPL দলৰ কেন্দ্ৰীয় কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত UPPL ৰ দেৱৰগাঁও ব্লক সমিতিৰ সাধাৰণ সম্পাদক অশোক গয়াৰীয়ে নস্যাৎ কৰিছে BPF ৰ পাৰিষদ মুনমুন ব্ৰহ্মৰ অভিযোগ(UPPL press conference) ৷
সংবাদমেলখনত মুনমুন ব্ৰহ্মক উভতি ধৰি UPPL ৰ ব্লক সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে ২০২২-২৩ বিত্তীয় বৰ্ষত প্ৰমোদ বড়োৰ BTR পৰিষদীয় চৰকাৰখনে অসম চৰকাৰৰ পৰা মাথোঁ ৬৩০ কোটি টকাহে আনিব পাৰিছে বুলি অনা অভিযোগ একেবাৰে মিছা(UPPL refutes allegations against Pramod Bodo) ৷ আচলতে ২০২২-২৩ বিত্তীয় বৰ্ষত অসম চৰকাৰৰ পৰা BTR য়ে ৭২২ কোটি ৮৪ লাখ টকা লাভ কৰিছে ৷
আনহাতে BTR প্ৰধান প্ৰমোদ বড়োৱে ৩০০ কোটি সুকীয়াকৈ নিজৰ বিভাগৰ বাবে ৰাখি থৈছে বুলি অভিযোগ আনিছে যদিও সেয়া BTR অঞ্চলত নানা ধৰণৰ উন্নয়নমুলক কাম-কাজৰ বাবেহে ৰাখিছে ৷ সেয়া নিজৰ বাবে নহয় বুলি ষ্পষ্টীকৰণ দিয়ে সাধাৰণ সম্পাদকগৰাকীয়ে ৷ অশোক গয়াৰীয়ে কোৱা মতে মুনমুন ব্ৰহ্মই প্ৰমোদ বড়োৰ পৰিষদখন দুৰ্বল কৰিবলৈ ৰাইজৰ মাজত অপপ্ৰচাৰ চলাই বিভ্ৰান্তি সৃষ্টি কৰিব বিচাৰিছে ৷