কোকৰাঝাৰ, 11 মাৰ্চঃ বিটিচি পৰিষদীয় নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ এক প্ৰকাৰ সাজু হৈছে প্ৰাৰ্থীসকল। নিজ নিজ পচন্দৰ সমষ্টি নিৰ্বাচন কৰিছে প্ৰাৰ্থীসকলে। ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে তামুলপুৰ সমষ্টিৰ পৰা আগবঢ়াব প্ৰতিদ্বন্দিতা ৷ প্ৰয়োজন সাপেক্ষে বড়োৱে হাগ্ৰামা মহিলাৰীৰ সমষ্টিতো আগঢ়াব পাৰে প্ৰতিদ্বন্দিতা। যদি প্ৰমোদ বড়োৱে দুই সমষ্টিতে প্ৰতিদ্বন্দিতা আগবঢ়াই তেতিয়াহলে নিশ্চিতভাৱে আকৰ্ষণীয় হৈ পৰিব বিটিআৰৰ নিৰ্বাচনী যুজঁ । ইফালে এনডিএফবিৰ সভাপতি তথা বৰ্তমানৰ ইউপিপিএলৰ নেতা গোবিন্দ বসুমতাৰীয়ে ভৈৰৱকুণ্ড সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ মানসিকভাৱে সাজু হৈছে । নেতা গৰাকীয়ে ৰঙিয়াত মঙলবাৰে নিশা সদৰী কৰে এই কথা। লগতে এনডিএফবিৰ ধীৰেন বড়ো হাগ্ৰামা মহিলাৰীৰ ওচৰত বিক্ৰী যোৱা বুলিও মন্তব্য কৰে ।
তামুলপুৰৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব প্ৰমোদ বড়োৱে - UPPL president promod boro to be contest from tamulpur
তামুলপুৰ সমষ্টিৰ পৰা আগবঢ়াব প্ৰতিদ্বন্দিতা আগবঢ়াব ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে ৷ প্ৰয়োজন সাপেক্ষে হাগ্ৰামা মহিলাৰীৰ সমষ্টিতো আগঢ়াব পাৰে প্ৰতিদ্বন্দিতা ৷ আনহাতে,ইউপিপিএলৰ নেতা গোবিন্দ বসুমতাৰীয়ে ভৈৰৱকুণ্ড সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ সম্ভাৱনা ৷
তামুলপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব প্ৰমোদ বড়োৱে
ইতিমধ্যে ৰাজ্যিক নিৰ্বাচন আয়োগে নিৰ্বাচন সন্দৰ্ভত জাৰী কৰে অধিসূচনা ৷ আগন্তুক 4 এপ্ৰিলত বিটিচিৰ অন্তৰ্ভুক্ত 40 টা পৰিষদীয় সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন ৷ তাৰোপৰি 18 মাৰ্চৰ 3 বজালৈ মনোণয়ন দাখিল কৰিব পাৰিব প্ৰাৰ্থীসকলে ৷ 8 এপ্ৰিলত ঘোষণা কৰা হ'ব নিৰ্বাচনৰ ফলাফল
আৰু পঢ়কঃ মুকলি আকাশৰ তলত জীৱনৰ আদিপাঠ গ্ৰহণ কণ কণ ছাত্ৰ ছাত্ৰীৰ