অসম

assam

By

Published : May 6, 2022, 10:55 PM IST

ETV Bharat / state

কোকৰাঝাৰত বিষাক্ত কাঠফুলা খাই অসুস্থ দুজন লোক

কোকৰাঝাৰত অঘটন ৷ বিষাক্ত কাঠফুলা ভক্ষণ কৰি গুৰুতৰভাৱে অসুস্থ দুজনকৈ লোক (Two sick after consuming poisonous mushrooms) ৷

two-sick-after-consuming-poisonous-mushrooms-at-kokrajhar
কোকৰাঝাৰত বিষাক্ত কাঠফুলা খাই অসুস্থ দুজন লোক

কোকৰাঝাৰ, ৬ মে :ৰাজ্যৰ ভিন্ন প্ৰান্তত বিষাক্ত কাঠফুলা খাই এতিয়ালৈকে বহুকেইজনে প্ৰাণ হেৰুওৱাৰ লগতে গুৰুতৰভাৱে অসুস্থ হৈছে বহুজন ৷ পুনৰ তেনে এক ঘটনা সংঘটিত হৈছে কোকৰাঝাৰত জিলাৰ গোসাইগাঁও মহকুমাৰ কচুগাঁও আৰু দোতমাত (Two sick after consuming poisonous mushrooms)৷ বিষাক্ত কাঠফুলা ভক্ষণ কৰি গুৰুতৰভাৱে অসুস্থ হয় দুজনকৈ লোক ৷

কোকৰাঝাৰত বিষাক্ত কাঠফুলা খাই অসুস্থ দুজন লোক

উল্লেখ্য যে, জিলাখনৰ গোসাইগাঁও মহকুমাৰ কচুগাঁও আৰু দোতমাত পৃথকে পৃথকে সংঘটিত হয় এই ঘটনা ৷ জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা বিষাক্ত কাঠফুলা ভক্ষণ কৰি কচুগাঁৱৰ বৰনগৰৰ অনিল স্বৰ্গীয়াৰী (৪৮) অসুস্থ হৈ পৰে ৷ ততালিকে অনিল স্বৰ্গীয়াৰীক কচুগাঁও প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পিছলৈ তেওঁক কোকৰাঝাৰ আৰএনবি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

কোকৰাঝাৰত বিষাক্ত কাঠফুলা খাই অসুস্থ দুজন লোক

আনহাতে, বিষাক্ত কাঠফুলা ভক্ষণ কৰি শুকুৰবাৰে দোতমাৰ ছামথাইবাৰীৰ নিবাসী তথা দোতমা আঞ্চলিক এবছুৰ মুখপাত্ৰ ছানসুমা ব্ৰহ্ম (৪৭) গুৰুতৰভাৱে অসুস্থ হৈ পৰে ৷ প্ৰথমে ছানসুমা ব্ৰহ্মক কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত তেওঁক উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় ৷

লগতে পঢ়ক :বিষাক্ত কাঠফুলা খাই ডিমা হাছাওত মৃত্যু এজনৰ

ABOUT THE AUTHOR

...view details