গোসাইগাঁও,3 নৱেম্বৰঃঋনৰ বোঝা সহ্য কৰিব নোৱাৰি একে নিশাই তুলসীবিলৰ নিৰ্মল পালৰ পৰিয়ালটিৰ পাঁচজন সদস্যই যোৱা দেওবাৰে নিজা গৃহতে চিপলৈ আত্মহত্যা কৰা ঘটনাই সমগ্ৰ অসম জোকাৰি গৈছে।
উল্লেখযোগ্য যে, নিৰ্মল পালে বহু ব্যক্তিৰ পৰা ঋণ লৈছিল যদিও যিসকল ব্যক্তিৰ পৰা ঋন লৈছিল তাৰ ভিতৰত এজন ঋনদাতাই দুদিন পূৰ্বে তেওঁৰ ঘৰত উপস্থিত হৈ নিৰ্মল পালক পৰিয়ালৰ সন্মুখতে ধমকি আৰু অকথ্য ভাষাৰে গালি-গালাজ কৰাত তেওঁৰ পৰিয়ালটোৱে ভীতিগ্ৰস্থ হৈ পৰিছিল।