কোকৰাঝাৰ, 22 অক্টোবৰ:গোঁসাইগাঁও আৰক্ষী থানাৰ অন্তৰ্গত তুলসীবিল তাজপুৰত বৃহস্পতিবাৰে সংঘটিত হ এক শোকাৱহ দুৰ্ঘটনা ৷ মদাতী নৈত সলিল সমাধি ঘটে তিনিটিকৈ শিশুৰ ৷
গোঁসাইগাঁৱৰ মদাতী নৈত তিনি শিশুৰ সলিল সমাধি
মদাতী নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটে তাজপুৰ নেপালপাৰাৰ তিনিটাকৈ শিশুৰ ৷ প্ৰত্যক্ষদৰ্শীয়ে শিশু কেইটিক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে যদিও বিফল হয় ৷
গোঁসাইগাঁৱৰ মদাতী নৈত তিনি শিশুৰ সলিল সমাধি
প্ৰাপ্ত তথ্য অনুসৰি, তাজপুৰ নেপালপাৰাৰ গাঁওখনেৰে বৈ যোৱা মদাতী নৈত গা ধুবলৈ গৈ গাঁওখনৰ নিবাসী মৈনুল হকৰ পুত্ৰ আনোৱাৰ আলি আৰু ইছলামূদ্দিনৰ পুত্ৰ-কন্যা ক্ৰমে মিজানুৰ ৰহমান আৰু আছমিনা পাৰ্বিন নামৰ শিশু কেইটিয়ে কৰুণ মৃত্য়ুক সাৱটি লয় ৷ নৈৰ সোঁতত বৈ যোৱা দেখি প্ৰত্যক্ষদৰ্শীয়ে শিশু কেইটিক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে যদিও বিফল হয় ৷ পৰৱৰ্তী সময়ত এছ.ডি.আৰ.এফ বাহিনীৰ উদ্ধাৰকাৰী দলৰ সহযোগত শিশু কেইটাৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷